জোণমণি কাণ্ড: নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক নিলম্বন


নিয়মীয়া বাৰ্তা, ২৪ মে’:নগাঁৱৰ আৰক্ষী বিষয়া জোণমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ ঘটনাৰ পাছতেই বিতৰ্কৰ শিৰোনামালৈ অহা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক আজি চাকৰিৰ পৰা নিলম্বন কৰা হয়। আজি অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ে আৰক্ষী বিষয়া মনোজ ৰাজবংশীক নিলম্বন কৰে। জোণমণি কাণ্ডৰ পাছতেই ১৯ মে’ত মনোজ ৰাজবংশীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ৰিৰ্জাভ ক্ল’জ কৰা হৈছিল।
উল্লেখ্য যে, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ গাড়ীচালক তথা কনিষ্ঠবল অনিল ভূঞাৰ এক ফ’ন কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল। উক্ত ভাইৰেল ফ’ন কলত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নাম উল্লেখ আছিল। তাৎপৰ্যপূৰ্ণ কথা যে, জোণমণি ৰাভাৰ মাতৃয়ে জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰত এছ পি লীনা দলে , অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ প্ৰতীম কুম্বাং, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা, ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ঈশ্বাদৰ নাম উল্লেখ আছিল যদিও মনোজ ৰাজবংশীৰ নাম উল্লেখ কৰা নাছিল। কিন্তু ইয়াৰ পাছতো অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ে ফ’ন কল ৰেকৰ্ডিংত নাম উল্লেখ থকা মনোজ ৰাজবংশীক নিলম্বন কৰি শাস্তিমূলক ব্যৱস্থা কৰাৰ বিপৰীতে এজাহাৰত উল্লেখ থকা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক সহ অভিযুক্ত আন আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰটো লক্ষ্যনীয় বিষয় হিচাপে চিহ্নিত হৈছে।