নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাপাৰাত এদিনীয়া বিশ্বকাপৰ ট্ৰফী প্ৰদৰ্শন

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ আইচিচি ক্ৰিকেট বিশ্বকাপ ট্ৰফী-২০২৩ আজি পালেহি গুৱাহাটী । ২৭ জুনত আৰম্ভ হোৱা ক্ৰিকেট বিশ্বকাপৰ মূল ট্ৰ’ফীৰ টুৰে মুঠ ১৮খন দেশৰ ৪০খনৰো অধিক মহানগৰ পৰিভ্ৰমণ কৰি পুনৰ ভাৰত পায় আৰু আজি গুৱাহাটীত বিশ্বকাপৰ ট্ৰ’ফীটো প্ৰদৰ্শন কৰা হয়। বৰ্ষাপাৰাত দিনৰ ২ বজাত অসম ক্ৰিকেট সন্থাৰ ষ্টে়ডিয়ামত ৰখা হয় বিশ্বকাপৰ ট্ৰ’ফীটো। ইয়াৰ পূৰ্বে বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰত ১২০ হাজাৰ ফুট উচ্চতাত মুকলি কৰা হয় বিশ্বকাপ ট্ৰ’ফীটো। আহমেদবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অৱতৰণ কৰিছিল আৰু তাৰ পাছতেই ১৮খন দেশৰ ৪০খনৰো অধিক নগৰ পৰিভ্ৰমণৰ যাত্ৰা আৰম্ভ কৰি অৱশেষত আজি বৰ্ষাপাৰা পাইছেহি। পুৱা ৯ বজাত ছাউথ পইণ্ট স্কুলত ট্ৰফীটো লৈ অনা হয়।আনন্দ উল্লাসৰ মাজেৰে ট্ৰফীটো স্কুললৈ আদৰি আনে ছাত্ৰ ছাত্ৰীসকলে। ১ বজাৰ লগে লগে ছাউথ পইন্ট স্কুলৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামলৈ লৈ যোৱা হয় ট্ৰফীটো ৷ ২ বজাত ষ্টেডিয়ামত পুনৰ সাধাৰণ লোকৰ বাবে মুকলি কৰি দিয়ে। বিয়লি ৪ বজাত টাউন ক্লাবলৈ লৈ যোৱা হয় বিশ্বকাপ ট্ৰফীটো ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ট্ৰফীটো উন্মোচন কৰা হয়৷  ৯১ য়াৰ্ডছত এই বিশেষ অনুষ্ঠান৷ তাৰ পিছতে অসম ক্ৰিকেট সংস্থাৰ সভাপতি আৰু বিচিচিআইৰ যুটীয়া সম্পাদকে সংবাদ মেল সম্বোধন কৰে৷ উল্লেখ্য যে চাৰিখন ৱাৰ্ম আপ খেল অনুষ্ঠিত হ’ব গুৱাহাটীত। ৫টা দলে ৱাৰ্ম আপ খেল খেলিব গুৱাহাটীত৷ ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত খেল৷ ৩০ ছেপ্টেম্বৰত ইণ্ডিয়া বনাম ইংলেণ্ড। ১ নৱেম্বৰত ইংলেণ্ড বনাম বাংলাদেশ আৰু ২ নৱেম্বৰত আফগানিস্তান আৰু দঃ আফ্ৰিকাৰ মাজত হ’ব খেল৷ দুখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দলসমূহৰ অনুশীলন৷ দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত হ’ব এই খেল৷ বৰ্ষাপাৰাৰ সমান্তৰালভাৱে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামতো অনুষ্ঠিত হ’ব অনুশীলন৷ ইণ্ডিয়া আৰু ইংলেণ্ডে অনুশীলন কৰিব আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামত৷ ২০০ টকাৰ পৰা ১০০০ টকা পৰ্যন্ত হ’ব টিকটৰ মূল্য৷ সকলোৰে উপভোগৰ সুবিধাৰ বাবে টিকটৰ হাৰ কম কৰি দিয়া হৈছে৷ ২৯ তাৰিখে গুৱাহাটী আহিব পাব দলকেইটা৷ উল্লেখ্য যে কাইলৈ পাকিস্তানলৈ লৈ যোৱা হ’ব এই ট্ৰফী৷

You might also like