নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰৰ কালাকুছিত দৰিদ্ৰ পৰিয়ালৰ ৫ যুৱক-যুৱতী অসম আৰক্ষীলৈ নিৰ্বাচিতঃ উৎফুল্লিত যুৱক-যুৱতীৰ লগতে গাঁওবাসী

নিয়মীয়া বাৰ্তা, ১৩ মে : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন হোৱাত উৎফুল্লিত হৈ পৰিছে তামুলপুৰৰ এখন গাঁৱৰ যুৱক-যুৱতী তথা ৰাইজ। সদ্যঘোষিত অসম আৰক্ষীৰ লিখিত আৰু শাৰীৰিক যোগ্যতা পৰীক্ষাৰ ফলাফলত তামুলপুৰ জিলাৰ কালাকুছি গাৱৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ পাঁচজন যুৱক-যুৱতীয়ে নিৰ্বাচিত হোৱাত গাৱখনৰ লগতে সমগ্র অঞ্চলটোলৈ আনন্দৰ বন্যা নামি আহিছে। আজি কালাকুছি বৰনামঘৰ প্ৰাংগণত অঞ্চলটোৰ বহু সংখ্যক পুৰুষ মহিলা সমবেত হৈ নিৰ্বাচিত পাঁচজন যুৱক-যুৱতী ক্ৰমে কুলেন দাসৰ সন্তান উদ্দীপ্ত দাস , যোগেন দাসৰ সন্তান হিৰেণ দাস , চানক্য দাসৰ সন্তান ভূপেন দাস , দিলীপ শৰণীয়াৰ কন্যা খনিমা শৰণীয়া আৰু ৰমণী দাসৰ কন্যা লিপীকা দাসক একোখনকৈ ফুলাম গামোচা প্ৰদান কৰাৰ লগতে মিঠাই খুৱাই মৰম আৰু আশীৰ্বাদ প্ৰদান কৰে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বিভিন্ন বিভাগত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰি প্ৰতিশ্ৰুতি দিছিল । এই নিযুক্তি স্বচ্ছ আৰু নিকাভাৱে যোগ্যতাৰ ভিত্তিত দিয়া হব বুলিও তেওঁ বাৰম্বাৰ ঘোষণা কৰি আহিছিল ৷ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ ফল লাভ কৰি আজি উৎফুল্লিত হৈ পৰিছে নিৰ্বাচিত যুৱক-যুৱতী সকলৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু অঞ্চলবাসী। উল্লেখ্য যে কালাকুছি গাৱৰ এই পাঁচগৰাকী যুৱক-যুৱতী স্নাতক ডিগ্ৰীধাৰী । এওঁলোকৰ অভিভাৱকসকল কোনোবাই যদি ৰিক্সা চলায় কোনোবাজনে দিন হাজিৰা কৰি বা সামান্য খেতি কৰি পৰিয়াল পোহপাল দিয়ে। তেওঁলোকে তেওঁঁলোকৰ ইপ্সিত লক্ষ্যত উপনীত হ’বলৈ ৰাতি দুপৰলৈ অধ্যয়ন কৰাৰ উপৰিও বোৱাৰী পুৱাতে উঠি দৌৰা-জপিওৱা আদি কঠোৰ অনুশীলনত ব্ৰতী হৈছিল। নিৰ্বাচিত পাঁচ গৰাকী যুৱক-যুৱতীয়ে বৰনামঘৰৰ খেলপথাৰতেই কঠোৰ অনুশীলন কৰি আৰক্ষী বিভাগত নিৰ্বাচিত হবলৈ সক্ষম হয় । অতি দৰিদ্ৰ পৰিয়ালৰ পাঁচ সন্তানে অসম আৰক্ষীত নিযুক্তি পোৱাৰ খবৰ পোৱাৰ লগে লগে আনন্দিত হৈ পৰে তেওঁলোকৰ পৰিয়াল আৰু কালাকুছি গাওৰ ৰাইজ ৷ তেওঁলোকৰ সফলতাত গাওৰ আই মাতৃ সকলেও ফুলাম গামোচা পিন্ধাই, মিঠাই খুৱাই মৰম আৰু আশীৰ্বাদেৰে ওপচাই পেলায় ৷ অসম চৰকাৰৰ স্বচ্ছ আৰু নিকা ভাৱে অনুস্থিত পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে আটাইকেইগৰাকী যুৱক-যুৱতীৰ লগতে তেওঁলোকৰ অভিভাৱক সকলে । তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ভূমিধৰ দাস, প্ৰাক্তন সভাপতি জীতেন দাসৰ লগতে কালাকুছি যুৱ মঞ্চৰ বহুকেইজন বিষয়ববীয়া তথা যুৱকেও উপস্থিত থাকি আৰক্ষী বিভাগলৈ নিৰ্বাচিত পাচ সন্তানক মৰম আৰু আশীৰ্বাদ প্ৰদান কৰে।

প্ৰেৰক ৰজনী বৰ্মন

You might also like