নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত  চোৰাং গৰুসহ পাঞ্জাব বডী ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা,  ১৩ মে : চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাঁও জিলাৰ চামগুৰি থানাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰক্ষাৰ পৰিলক্ষিত হৈছে ৷ চামগুৰি থানাৰ আৰক্ষীয়ে যোৱানিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই হাঁহচৰা বৰালিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৮টা চোৰাং গৰু সহ এখন গাড়ী জব্দ কৰাৰ পিছত আজি পুনৰ চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই এখন চোৰাং গৰুভৰ্তি পাঞ্জাব বডীৰ ট্ৰাক জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে চামগুৰি থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি দিনৰ প্ৰায় ১০.৩০ মান বজাত চামগুৰি থানাৰ সন্মুখৰ তথা ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৷ আৰক্ষীৰ দলটোৱে অভিযান চলাই থকাৰ সময়ত চিলাপথাৰৰ পৰা যোৰাবাট অভিমুখে আহি থকা এএছ ০১ এফ চি ৭০৮৭ নম্বৰৰ পাঞ্জাব বডী ট্ৰাক খন ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক সোণাপুৰৰ কচুতলি অঞ্চলৰ কাদেৰ আলী (৩০) নামৰ লোকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আজি দিনত জব্দ কৰা উক্ত ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ২১ টা চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে আৰক্ষীয়ে যোৱা নিশা আৰু আজি দিনত উদ্ধাৰ কৰা উক্ত চোৰাং গৰুকেইটা নগাঁৱৰ গো- শাললৈ প্ৰেৰণ কৰাৰ ব্যবস্থা গ্ৰহৰ কৰাৰ লগতে ধৃত গাড়ীখনৰ চালক জনক আৰু অধিক তথ্যৰ বাবে চামগুৰি আৰক্ষী থানাত সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like