🔹 প্ৰতিৰোধ আঁচনিৰ নামত ভেঁকো-ভাওনা
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : ননৈৰ খহনীয়াই ভয়াৱহ ৰূপ লৈছে ছিপাঝাৰৰ খান্দাজান-চুটিয়াকাটাত। বিগত কিছু বছৰ ধৰি খহনীয়াৰ ফলত নৈখন জনবসতি পূৰ্ণ এলেকালৈ ক্ৰমান্বয়ে কাষ চাপি যোৱাৰ পিছত শেহতীয়াকৈ কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ পৰ্যন্ত নৈৰ বুকুত জাহ যোৱাৰ পিছত ৰাইজ বাৰুকৈয়ে শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে উক্ত ঠাইত হোৱা তীব্ৰ খহনীয়াৰ ফলত নৈখন একেবাৰে মথাউৰিত লগাৰ উপক্ৰম হৈছে। যিটো আন এটা শংকাৰ কাৰণ হৈ পৰিছে। ইফালে, নৈখনৰ খহনীয়াই বছৰ বছৰ ধৰি ৰাইজক আতংকিত কৰি অহাৰ পিছত জলসম্পদ বিভাগে উক্ত ঠাইত এখন খহনীয়া প্ৰতিৰোধ আচঁনি ৰূপায়ণ কৰিছিল যদিও সেয়াও হৈ পৰিল বিভাগৰ ধন আত্মসাতৰ ফন্দি। কাৰণ কেৱল এটা অংশত কেইটামান পকী পৰ্কিউপাইন পুতিয়েই দায়িত্ব যেন সামৰিলে বিভাগটোৱে। যিখিনি কাম কৰিলে সেয়াও একেবাৰে নিম্নমানৰ হোৱা বুলি অভিযোগ কৰিছে ৰাইজে। ফলত পানীৰ সোঁতক বাধা দিব নোৱাৰিলে পৰ্কিউপাইনে। তদুপৰি জনবসতিপূৰ্ণ যিটো এলেকাত খহনীয়াৰ প্ৰকোপ বেছি হৈছিল, তাত প্ৰতিৰোধৰ কোনো ব্যৱস্থাই ৰূপায়ণ নহ’ল। যেন খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত মঙলদৈ জলসম্পদ সংমণ্ডলে এখন ভেঁকো-ভাওনাহে কৰিলে। এনে ক্ষেত্ৰত এতিয়া উক্ত অঞ্চলৰ ৰাইজে দিন পাৰ কৰিছে আশংকাৰ মাজত। এইক্ষেত্ৰত উক্ত অঞ্চলত এখন স্হায়ী প্ৰতিৰোধ আঁচনি ৰূপায়ণৰ বাব অনুৰোধ জনাইছে নৈপৰীয়াই।
প্ৰেৰক ৰঞ্জিত নাথ