নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱা ৯.৩০ বজাত কার্যালয়ত উপস্থিত হ’ব লাগিব বিষয়া–কর্মচাৰী

🔹 জনতা ভৱনত উপস্থিতিৰ নতুন নির্দেশনা

বিশেষ বাৰ্তা, ১ জুন : কার্যালয়ত সময় মতে উপস্থিত হ’বলৈ জনতা ভৱনৰ কর্মচাৰীলৈ পুনৰ নতুন নির্দেশনা জাৰি কৰিছে সাধাৰণ প্রশাসন বিভাগে৷ সচিবালয়ৰ কর্মচাৰীলৈ জাৰি কৰা এই নির্দেশনা অনুসৰি প্রতিজন কর্মচাৰী পুৱা ৯.৩০ বজাত কার্যালয়ত উপস্থিত হ’ব লাগিব৷ পুৱা ৯.৪৫ বজাৰ পূর্বে ফেচ ৰিকগনেচন এটেণ্ডডেন্স ছিষ্টেম, চমুকৈ এফআৰএএছত কৰিব লাগিব উপস্থিতিৰ পঞ্জীয়ন৷ নতুন নির্দেশনা অনুসৰি বিয়লি ৫ বজাৰ পূর্বে কোনো কর্মচাৰীয়ে এৰিব নোৱাৰিব কার্যালয়৷ পুৱা ৯.৪৫ বজাত কার্যালয়ত উপস্থিত হৈ বিয়লি ৫ বজালৈ কার্যালয়ত থাকিলে কর্মচাৰীয়ে লাভ কৰিব মেন অৱ দ্য মান্থ অথবা ৱ’মেন অৱ দ্য মান্থ সন্মান৷ ইয়াৰ বাবে তিনি মাহ নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কার্যালয়ত৷ উল্লেখ্য যে ইয়াৰ পূর্বেও সদ্য অৱসৰ গ্রহণ কৰা পৱন কুমাৰ বৰঠাকুৰৰ নির্দেশযোগেও সাধাৰণ প্রশাসনে সচিবালয়ৰ কর্মচাৰীৰ কার্যালয়ত উপস্থিত থকাৰ সময়সূচী নির্ধাৰণ কৰি দিছিল৷

You might also like