নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ধুবুৰী জিলাখনৰ অধিবক্তা আৰু ন্যায়িক জগতখনলৈ সুখৰ বতৰা কঢ়িয়াই আজি ধুবুৰীৰ নৱনিৰ্মিত জিলা ন্যায়িক আদালত ভৱন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই। আজিৰ এই অনুষ্ঠানিক উদ্বোধনৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি নতুন এই জিলা আদালত ভৱনৰ চৌহদত আয়োজিত বিশেষ কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা ধুবুৰী জিলা ন্যায়পালিকাৰ পৰ্টফ’লিঅ জজ্ (the Portfolio Judge of the Dhubri District) সৌমিত্ৰ শইকীয়াই। আৰম্ভণিতে অসমৰ জাতীয় সংগীত পৰিবেশন পিছত অনুষ্ঠিত হয় জিলা ন্যায়পালিকা আৰু ধুবুৰী উকিল সন্থাৰ সম্বৰ্দ্ধনা অনুষ্ঠান কাৰ্যসূচী। বন্তি প্ৰজ্বলন আৰু সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা এই আজিৰ এই সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে ধুবুৰী জিলাৰ সত্ৰ ন্যায়াধীশ বাবুল সূত্ৰধৰে। সভাখনত ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি এন. আই. চৌধুৰী, জিলা আয়ুক্ত দিবাকৰ নাথৰ বক্তব্যৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই উদ্বোধনী ভাষণ প্ৰদান কৰে। আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই প্ৰদান কৰে মনোজ্ঞ এক ভাষণ। ধুবুৰী জিলাৰ মুখ্য ন্যায়িক ন্যায়াধীশ চিন্ময় বৰুৱাৰ শলাগৰ শৰাইৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰে আজিৰ এই বিশেষ সভাখনৰ সমাপনী ঘটে। আজিৰ এই কাৰ্যসূচীত জিলা ন্যায়পালিকাৰ অন্যান্য ন্যায়াধীশ, কৰ্মচাৰীবৃন্দ, জিলাখনৰ আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা-বিষয়াকে ধৰি ধুবুৰী উকিল সন্থাৰ বিষয়ববীয়া, সদস্য-সদস্যাৰ উপৰিও অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে, ২০১৭ বৰ্ষৰ ডিচেম্বৰ মাহত পাঁচমহলীয়া ধুবুৰীৰ এই জিলা ন্যায়িক আদালতৰ নিৰ্মাণৰ কামৰ আনুষ্ঠানিক শিলান্যাস কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ অজিত সিঙে। ইয়াতে উল্লেখনীয় এয়াও যে, নৱনিৰ্মিত এই আদালত ভৱনৰ স্থানডোখৰৰ আছে এক শিহৰণকাৰী ইতিহাস; ১৯৭০ চনৰ এটি বিশেষ ঘটনাৰ সৈতে জড়িত হৈ থকা কৰুণ এক স্মৃতি। ৰাজ্য কঁপোৱা ৰাজখোৱা হত্যাকাণ্ড খ্যাত তথা তদানীন্তন গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰ নাথ ৰাজখোৱাৰ চৰকাৰী বাসভৱন আছিল সেই বিশেষ ঠাইডোখৰত নিজৰ সেই চৰকাৰী বাসভৱনত ৰাজখোৱাই ১৯৭০ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত তেওঁৰ পত্নী আৰু বৰজীয়ৰীক হত্যা কৰি গাঁতত পুতি থৈছিল। পিছত গুৱাহাটীত পঢ়ি থকা মাজু আৰু সৰু জীয়ৰীকো মাতি আনি দুয়োকে সেই মাহৰে ২৫ তাৰিখে হত্যা কৰি আগৰবাৰৰ দৰেই গাঁতত পুতি থৈছিল ৰাজখোৱাই। ৰাজখোৱাৰ এই নাৰকীয়া হত্যাকাণ্ডত সহযোগিতা কৰিছি তেওঁৰ অৰ্ডালী উমেশ বৈশ্যই। অৱশেষত এই জঘন্য অপৰাধত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১৯৭৬ চনত তেখেতক যোৰহাট কাৰাগাৰত ফাঁচী দিয়া হৈছিল। ধুবুৰীৰ নৱনিৰ্মিত এই জিলা ন্যায়িক আদালত ভৱন সেই বিশেষ চৰকাৰী আৱাসগৃহটো ভাঙি নিৰ্মাণ কৰা হৈছে। ইপিনে, দীৰ্ঘ বহু বছৰৰ পৰা ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত চলি থকা জিলা আদালতৰ অৱশেষত গৈ নিজস্ব এক ভৱন হোৱাক কেন্দ্ৰ কৰি এতিয়া উৎফুল হৈ পৰিছে ধুবুৰী অধিবক্তা সন্থাকে ধৰি জিলাখনৰ অধিবক্তা সমাজ আৰু সাংবাদিক সন্মুখত “এয়া এক মাইলৰ খুঁটি” বুলি অভিহিত কৰিছে ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি এন. আই. চৌধুৰীয়ে।