🔹 মাজুলীত উৎপাদিত তৰমুজেৰে উজনি অসমৰ বজাৰ দখলৰ লক্ষ্য
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : আগন্তুক সময়ত মাজুলীত উৎপাদিত তৰমুজেৰে উজনি অসমৰ বজাৰ দখলৰ লক্ষ্যৰে ন-উদ্যমেৰে তৰমুজ খেতিত মনোনিৱেশ কৰিছে মাজুলীৰ বৃহত্তৰ ভকত চাপৰিৰ কৃষক ৰাইজে। জিলা প্ৰশাসনৰ উদ্যোগত তথা মাজুলীৰ বিত্তীয় প্ৰতিষ্ঠানৰ চি এছ আৰ নিধিৰ সহযোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত অঞ্চলটোৰ ৩৭জন কৃষকে ৭২ বিঘা কৃষিভূমিত কৰিবলৈ লৈছে তৰমুজৰ খেতি। সেই অনুসৰি কালি ভকত চাপৰিৰ মদাৰগুৰিত তৰমুজৰ আনুষ্ঠানিক বীজ সিঁচা আৰু বীজ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু এল ডি এম জ্যোৎস্না ব্ৰিজৱালে শুভাৰম্ভ কৰা কাৰ্যসূচীত বৃহৎ পৰিসৰত কৰা চাকাটা (SAKATA) কোম্পানীৰ অধিক উৎপাদনক্ষম উন্নত মাৰিক’ (Mariko) প্ৰজাতিৰ বীজৰ এই তৰমুজ খেতিৰ জৰিয়তে এতিয়া কৃষক ৰাইজৰ উপাৰ্জন অধিক বৃদ্ধি হ’ব বুলি বহুতে আশা প্ৰকাশ কৰিছে। উক্ত কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত তথা কৃষি পৰামৰ্শদাতা ইমৰান হুছেইনে আঁত ধৰা সভাত অংশ লৈ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কয় যে বাণিজ্যিক খেতিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি পায়। সেয়েহে বাণিজ্যিক দিশৰ প্ৰতি লক্ষ্য ৰাখি এই খেতিৰ বাবে পদক্ষেপ লোৱা হৈছে। এই প্ৰচেষ্টাৰে কৃষকক অধিক উৎপাদনমুখী কৰাৰ লক্ষ্য কৰি লোৱা হৈছে। যাতে আন কৃষকৰ আদৰ্শ হওক মাজুলীৰ ভকত চাপৰিৰ কৃষক। জিলাৰ আয়ুক্তগৰাকীয়ে এই খেতিৰ ক্ষতি হ’লে সমগ্ৰ মাজুলীৰ খেতি নষ্ট হ’ব বুলি উল্লেখ কৰি গুৰুত্ব সহকাৰে খেতি কৰিবলৈ কৃষকসকলক আহ্বান জনায়। আগন্তুক সময়ত এই খেতিৰ জৰিয়তে যাতে উজনি অসমৰ বজাৰ দখল কৰিব পাৰি, সেই কথা মনত ৰাখি দুগুণ উৎসাহেৰে খেতিত মনোনিৱেশ কৰিবলৈ লগতে তেওঁ আহ্বান জনায়। লগতে তেওঁ ভকত চাপৰিত অলপতে ১০০ বিঘা কৃষিভূমিত কৰা ৰঙালাউ খেতিত উৎপাদন হ’বলগীয়া ৰঙালাউ যদিহে ভবা মতে হয়, তেন্তে তাৰ ৰপ্তানিৰ প্ৰক্ৰিয়াও জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ভকত চাপৰিত যিহেতু কুঁহিয়াৰ খেতি প্ৰচুৰ হয়, উক্ত অঞ্চলত আগন্তুক সময়ত এটা গুৰ প্ৰস্তুতকৰণ কেন্দ্ৰও স্থাপন হ’ব। কুঁহিয়াৰ খেতিৰ জৰিয়তে এক বিপ্লৱ অনাৰো চেষ্টা ৰখা হৈছে। সেয়েহে পূৰ্বতকৈ অধিক বিস্তাৰিত ৰূপত এই খেতি এইবাৰ কৰিবলৈ তেওঁ উপস্থিত কৃষকক আহ্বান জনায়। তেওঁ লগতে ভকত চাপৰিক কৃষিৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথাও উল্লেখ কৰে। যাৰ জৰিয়তে মাজুলীৰ কৃষিখণ্ডৰহে ৰূপ পৰিৱৰ্তন সাধন হ’ব বুলি আশা কৰিছে। সভাত এল ডি এমেও ভাষণ প্ৰদান কৰি এই মহান পদক্ষেপৰ অংশ হ’বলৈ পাই তেওঁ সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে। তেওঁ সকলো কৃষকক কষ্ট কৰি ঈপ্সিত ফল লাভ কৰিবলৈ আহ্বান জনায়। সভাত এইচ ডি এফ চি বেংকৰ শাখা প্ৰবন্ধক নিখিল শইকীয়ায়ো সকলোকে প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা উদ্যোগটোক সাকাৰ ৰূপ দিয়াত সাৰ্থকতা প্ৰদান কৰাৰ উদ্দেশ্যে অধিক কষ্টেৰে কৃষিকৰ্ম কৰিবলৈ আহ্বান জনায়। সভাত জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজাই সকলো কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত বিভিন্ন শস্যৰ বীমা কৰিবলৈ কৃষক ৰাইজক আহ্বান জনায়। সভাতে বীমা কোম্পানী এছ বি আই জেনেৰেল ইঞ্চিউৰেঞ্চৰ এটা শিবিৰো অনুষ্ঠিত কৰা হয়। সভাত জিলা আয়ুক্তই জিলা প্ৰশাসনৰ তৰফৰ পৰা এল ডি এম, এইচ ডি এফ চি বেংকৰ শাখা প্ৰবন্ধক আৰু চাকাটা কোম্পানীক এই পদক্ষেপত সহযোগিতা আগবঢ়োৱাৰ বাবে একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ভকত চাপৰিৰ কৃষিভূমি উদ্যান শস্যৰ বাবে অতি উপযোগী। কাৰ্যসূচীত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকন, কৃষি উন্নয়ন বিষয়া ক্ৰমে পংকজ পুৰাণ, দ্বীপজ্যোতি সৰকাৰ আৰু ৰাজা ফুকন, বীমা কোম্পানীৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ কৃষক ৰাইজ উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড