নিয়মীয়া বাৰ্তা, ২৬ মে ‘ : এখন দুখন নহয়! ছয়খনকৈ গাঁৱৰ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ
ড্ৰাগছ আসক্ত, মাদকদ্ৰব্য সেৱন কৰি মৃত্যু হলে নহব জানাজা, কৱৰস্থানত নাপাব স্থান। ৰাইজৰ আগত ধৰা পৰিলে ভৰিব লাগিব জৰিমনা। সামজিকভাৱেও বয়কট কৰিব ড্ৰাগছ আসক্ত পৰিয়ালক।
এই সিদ্ধান্ত দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ভিতৰুৱা অঞ্চল জাৰপাৰাসহ ৬খনকৈ গঞা ৰাইজৰ।
বৰভিঠা আঞ্চলিক হাইস্কুল খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা মাদকদ্ৰব্য নিবাৰণ আৰু সজাগতা সভাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
গাঁৱৰ পৰা মদ, ভাং, ড্ৰাগছ আদি সম্পুৰ্ণভাৱে নিৰ্মূল কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে গঞা ৰাইজে।
স্থানীয় ৰাইজে মাদকদ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ স্বাৰ্থত জাগ্ৰত প্ৰহৰীৰূপে থিয় দিয়াৰ বাবে ৫০ জনীয়া এখন কমিটি গঠন কৰে।
প্ৰেৰক জমিৰ আল হাছান