নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি : অনিৰ্দিষ্টকাললৈ বন্ধ অফলামুখ-নিমাতী ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাত মাজুলী-যোৰহাট জলপথৰ অফলামুখ-নিমাতী ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্ৰ গতিত বৃদ্ধি পোৱাত অফলামুখ ঘাটৰ ৰেম্প পানীত বুৰ যোৱাৰ লগতে ঘন কুঁৱলী, পানীৰ তীব্ৰ সোঁতত উটি অহা কাঠৰ টুকুৰা, জাৱৰ-জোঁথৰৰ সৈতে অহা মেটেকাৰ বাবে উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতি তথা যাত্ৰীৰ জীৱন আৰু সম্পদৰ সুৰক্ষাৰ স্বাৰ্থত ঘাটটোৰ ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰে।

অৱশ্যে কমলাবাৰী-নিমাতী ফেৰী সেৱা স্বাভাৱিক ধৰণেই চলি আছে।

নিয়মীয়া বাৰ্তা , বনগাঁও, Date of Published – 26-06-2025

You might also like