এথে ৱেগনৰ মেৰামতি সম্পূর্ণ অন্তিম প্রচেষ্টাৰ বাবে সাজু অইল
নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: আজি ৭৪ দিনে অহৰহ জ্বলি আছে বাঘজান তৈলখাদৰ জুই৷ আজিও নির্বাপিত কৰিব পৰা নাই এই জুইকুৰা৷ সুদীর্ঘ ৬৫টা দিনৰ প্রস্তুতিৰ অন্তত যোৱা ৩১ জুলাইৰ দিনা অনিয়ন্ত্রিত খাদটোত বি’পি স্থাপনৰ বাবে চলোৱা অভিযান এথে ৱেগনৰ বিজুতিৰ বাবে ব্যর্থ হৈছিল৷ জ্বলি থকা খাদটো কেপিং কৰিবলৈ খাদটোৰ মুখত বি’পি স্থাপন কৰিবলৈ বুলড’জাৰৰ সৈতে সংলগ্ণ প্রায় ১৫ টন বহন ক্ষমতা থকা এথে ৱেগনৰ সহায়ত ৯.২ টন ওজনৰ বি’পি উঠাই খাদটোৰ মুখত স্থাপনৰ প্রচেষ্টা চলাওঁতে বেঁকা হৈ এথে ৱেগনখন বাগৰি পৰাত সেই অভিযান ব্যর্থ হৈছিল৷ সেই তেতিয়াৰ পৰাই এথে ৱেগনখন মেৰামতি কৰি থকা হৈছিল আৰু বিদেশী বিশেষজ্ঞৰ তত্ত্বাৱধানত এথে ৱেগনৰ মেৰামতিৰ কাম সম্পূর্ণ হয়৷
উল্লেখ্য যে যোৱা ২৭ মে’ত হঠাতে অধিক চাপত গেছ নির্গত হোৱা আৰু পৰৱর্তী সময়ত যোৱা ৯ জুনৰ দিনা প্রচণ্ড বিস্ফোৰণেৰে অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পাছত অইল, অ’এন জি চিৰ কর্মচাৰীৰ সৈতে এলার্ট ডিজেষ্টাৰ কণ্ড্র’লৰ ছজনীয়া বিশেষজ্ঞৰ দলে জ্বলন্ত খাদটোত কাম কৰি থকা অৱস্থাত যোৱা ২২ জুলাইৰ দিনা পুনৰ এক দুর্ঘটনা সংঘটিত হয়৷ সেই দুর্ঘটনাটোত এলার্ট ডিজেষ্টাৰ কণ্ড্র’লৰ ক্রেইগ নীল ডানকান, এন্থনী ষ্টিভেন ৰেইনল্ডছ আৰু ডাউগ ডাল্লাছ আহত হৈছিল৷ অইল ইণ্ডিয়াৰ সূত্রে জানিব পৰা মতে, অতি সোনকালেই কূপ নিয়ন্ত্রণ কৰিবৰ বাবে সকলো ধৰণৰ প্রচেষ্টা চলোৱা হ’ব৷ ইতিমধ্যে কূপ নিয়ন্ত্রণ কার্যৰ বাবে কূপ শীর্ষ আৰু কূপক্ষেত্র সাজু কৰি তোলা হৈছে৷ বি’পি ষ্টেক আৱৰণৰ লগতে কিল লাইনসমূহৰ পৰীক্ষা সম্পূর্ণ কৰা হৈছে৷ নতুনকৈ নির্মাণ কৰা এক্সেল, সংশোধিত বুমৰ অংশসমূহ অন্যান্য অনুসংগীৰ সৈতে এথে ৱেগনৰ সংযোজন কার্য সম্পূর্ণ কৰা হয়৷ ইয়াৰ পাছতে সম্পূর্ণ ৱেগনটোৰ ওজন পৰীক্ষা কৰা হ’ব৷ কূপ ধ্বংসকাৰী তৰল প্রয়োগ কৰি থকাৰ লগতে অপাৰেচন কার্যৰ বাবে পানীৰ ধলৰ প্রক্রিয়া সাজু কৰি তোলা হৈছে৷
অৱশ্যে অতি সোনকালেই এই জুই নির্বাপিত কৰিবলৈ সকলো প্রচেষ্টা চলাবলৈ যো–জা কৰি থকাৰ সময়তে তৈলখাদৰ এই জুই নির্বাপিত কৰিবলৈ অইল ইণ্ডিয়াই বিদেশৰ পৰা অনা এলার্ট ডিজেষ্টাৰ কণ্ড্র’লৰ ৬জন বিশেষজ্ঞৰ ৪জনে যোৱা ৫ আগষ্টৰ দিনা স্বদেশলৈ উৰামৰা বুলি অইলৰ এক সূত্রৰ পৰা জানিব পৰা গৈছে৷