চিএমডি পদত বহিৰাগতক নিযুক্তিত ক্ষুব্ধ আলফা (স্বা)
অইলৰ বিৰুদ্ধে প্রতিৰোধী ব্যৱস্থাৰ হুংকাৰ পৰেশ বৰুৱাৰ
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ অইল ইণ্ডিয়া লিমিটেড, চমুকৈ অইলক পুনৰ সকীয়াই দিলে আলফা (স্বাধীন)–এ৷ অইলৰ শীর্ষ পদত অসমৰ যোগ্য ব্যক্তিক নিযুক্তি দিয়াৰ বাবে বান্ধি দিয়া চর্ত পূৰণ নকৰাক লৈ বিদ্রোহী সংগঠনটোৱে তৈল প্রতিষ্ঠানসমূহৰ প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিব বুলি বৃহস্পতিবাৰে স্পষ্ট কৰি দিছে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত আলফাৰ সেনাধ্যক্ষ পৰেশ অসমে উল্লেখ কৰিছে যে ২০২১ চনৰ ১৪ মে’ত আলফাই অইলক সাতটা চর্ত বান্ধি দি অসমত থকা তৈল প্রতিষ্ঠানসমূহৰ অধ্যক্ষ আৰু প্রবন্ধ নির্দেশক পদত অসমৰ যোগ্য ব্যক্তিৰ বাবে সংৰক্ষণ কৰিবলৈ স্পষ্ট কৰিছিল৷
সেইমর্মে অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে সম্পূর্ণ দায়িত্ব মূৰ পাতি লৈ আলফাৰ দ্বাৰা বান্ধি দিয়া চর্ত পূৰণ কৰাৰ ক্ষেত্রত প্রতিশ্রুতি প্রদান কৰিছিল৷ কিন্তু মুখ্যমন্ত্রীৰ প্রতিশ্রুতিক সম্পূর্ণৰূপে নস্যাৎ কৰি যোৱা ৯ মার্চত অইলে প্রকাশ কৰা জাননীত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু প্রবন্ধ নির্দেশক পদত ড০ ৰঞ্জিত নাথ নামৰ বহিৰাগত ব্যক্তিক অধিষ্ঠিত কৰা হ’ল৷ পৰেশ বৰুৱাই এই সন্দর্ভত বিবৃতিত কয়– এয়া অসমৰ থলগিৰি জনগণৰ স্বার্থৰ পৰিপন্থী৷ অইল ইণ্ডিয়া লিমিটেডৰ এনে অসমবিৰোধী কার্যক অসমৰ থলগিৰি সংগ্রামী জনগণৰ লগতে আলফাই কোনো কাৰণতেই সমর্থন কৰিব নোৱাৰে৷ গতিকে আমি অইল ইণ্ডিয়া লিমিটেডক স্পষ্ট কৰি দিওঁ যে পূর্বে ঘোষণা কৰা অধ্যক্ষ আৰু প্রবন্ধ নির্দেশক নিযুক্তি অতি সোনকালে বাতিল কৰি সেইস্থানত থলগিৰি যোগ্য ব্যক্তিক নিযুক্তি প্রদান কৰক, অন্যথা অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে যিকোনো প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিবলৈ আলফা বদ্ধপৰিকৰ৷ আলফাই আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, আটাছু, বীৰ লাচিত সেনা, সদৌ মৰাণ ছাত্র সন্থা, সদৌ মটক ছাত্র সন্থা, টাইপাকে ধৰি বিভিন্ন দল–সংগঠন আৰু অসমৰ সাধাৰণ জনগণক অইল ইণ্ডিয়াৰ বিৰুদ্ধে সর্বাত্মক প্রতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷