জনতাৰ ৰণহুংকাৰত কঁপি উঠিল তৈলনগৰী দুলীয়াজান
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ১৬টাকৈ জাতি-জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত পাঁচ শতাধিক প্ৰতিবাদী ৰাইজৰ প্ৰৱল প্ৰতিবাদত কঁপি উঠিল দুলীয়াজান তৈলচহৰ। আজি জনতাৰ ৰণহুংকাৰে ৰূপায়ণ কৰা এই প্ৰতিবাদী সমদল দুলীয়াজান বিহুতলীৰ পৰা আৰম্ভ কৰি পিপলতল হৈ ডেইলী বজাৰ, গগৈ মাৰ্কেট সামৰি অইল ইণ্ডিয়া বি টি খেলপথাৰত সামৰণি পৰে। ৰাজ্যৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেতবিলাক প্ৰতিহত কৰাৰ উদ্দেশ্যে দুলীয়াজানত ষোল্লটাকৈ সংগঠনে ঐক্যবদ্ধভাৱে ৰূপায়ণ কৰা এই প্ৰতিবাদ সমদলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে সদৌ তাই আহোম ছাত্ৰ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ, মটক যুৱ-ছাত্ৰ সন্মিলন, আমছু (খিলঞ্জীয়া), বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমীয়া মহিলা মঞ্চ, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, সোনোৱাল কছাৰী যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতি আৰু দুলীয়াজান ই ৰিক্সা চালক সন্থা। এই প্ৰতিবাদৰ সময়চোৱাত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা, নাৰী সুৰক্ষা নিশ্চিত কৰা, অসমীয়া ভাষাৰ সঠিক ব্যৱহাৰ, ড্রাগছ, কানি, ভাং আদি মাদক দ্রব্যৰ অবাধ প্ৰচলন বন্ধ কৰা,চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্রতিষ্ঠানত ১০০ শতাংশ থলুৱা নিযুক্তি, সন্দেহজনক ব্যক্তিক বিতাড়িত কৰা, স্মাট মিটাৰ বন্ধৰ দাবীত চৰকাৰবিৰোধী শ্ল’গানেৰে দুলীয়াজানৰ আকাশ বতাহ কপাঁই তোলে ।
প্ৰেৰক কৃষ্ণা গগৈ