নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ অইল ইণ্ডিয়া লিমিটেডৰ তেল খাদত আজি সংঘটিত প্ৰচণ্ড গেছ বিস্ফোৰণত এগৰাকী অইলৰ ঠিকাভিত্তিক শ্ৰমিকৰ মৃত্যু ঘটাৰ লগতে এগৰাকী মহিলা কৰ্মচাৰীসহ চাৰিগৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। মৃত্যু হোৱা ব্যক্তি গৰাকী দুলীয়াজান ২নং ৰঙাগড়া গাঁৱৰ বাসিন্দা তথা অইলৰ তালিকাভুক্ত ঠিকা শ্ৰমিক ৰবীন ওৰাং বুলি জানিব পৰা গৈছে । ঘটনাৰ প্ৰাপ্ত তথ্য অনুসৰি দুলীয়াজানৰ সমীপৰ বৰুৱা তিনিআলিৰ NHK 162 নম্বৰৰ তেলখাদটোত অইলৰ প্ৰডাকচন (গেছ) বিভাগৰ এটা পাঁচজনীয়া দলে বিয়লিৰ ভাগত মেৰামতিৰ কাম কৰি আছিল। দলটোৱে কাম কৰি থকা অৱস্থাতে গেছৰ উচ্চচাপযুক্ত তেলখাদটোৰ এক্সমাৰ্চ ট্ৰিৰ এটা ভাল্ব খোল খাই প্ৰচণ্ড শব্দৰে বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত নিচেই কাষতে বহি কাম কৰি থকা ৰবীন ওৰাঙৰ পেটত আঘাত কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰবীন ওৰাঙক তাৎক্ষণিকভাৱে চিকিৎসালয় নিয়া হয় যদিও পথতে তেওঁৰ মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত হীৰকজ্যোতি গন্ধীয়া আৰু প্ৰণালী দত্ত বৰগোহাঁইক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা লগতে পৰশ দাস, শিৱ দত্তক অইল ইণ্ডিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰেৰক কৃষ্ণা গগৈ