মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ অনুদান অইল ইণ্ডিয়া লিমিটেডৰ
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অইল ইণ্ডিয়া লিমিটেডৰ এক সঁজাতী দলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ অনুদান আগবঢ়ায়।
মুখ্যমন্ত্ৰীয়ে এই মহানুভৱতাৰ বাবে তেল কোম্পানীটোৰ লগতে প্ৰতিনিধিসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই সাক্ষাৎকালত উপস্থিত থাকে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীৰামেশ্বৰ তেলী।