নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজাত নতুন পোছাক পিন্ধি নকৈ সাজু মৰিগাঁও আৰক্ষী

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: শাৰদীয় বতৰত অপৰাধমুক্ত জিলা ৰূপে গঢ় দিবলৈ মৰিগাঁৱত জিলা আৰক্ষী প্ৰশাসনে সাজু কৰিছে বিশেষ তহলদাৰী আৰক্ষী বাহিনী। বিশেষকৈ সমাগত দুৰ্গা পূজাৰ সময়ছোৱাত মৰিগাঁও, জাগিৰোডত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিব এই দলটোৱে। এই আৰক্ষীৰ দলটোৱে বিশেষ পোচাকেৰে মটৰ বাইকত।

সমগ্ৰ মৰিগাঁও চহৰত তহল দিব। মৰিগাঁও চহৰত অপৰাধজনীত ঘটনা যেনে কিডনেপিং, ড্ৰগছ ব্যৱসায়ী চক্ৰ, গাড়ী চুৰি ঘটনা আদি ৰোধ কৰিবৰ বাবে এই দলটো প্ৰতিদিনে সক্ৰিয় হৈ থাকিব বুলি জনাই আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে। আজিৰ এই মুকলি অনুষ্ঠানত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা, উপ আৰক্ষী অধীক্ষক মৌচুমী দাস উপস্থিত থাকে।

You might also like