নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়াৰ লাভৰ পৰিমাণ ১৫২ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ দেশৰ আগশাৰীৰ তৈল কোম্পানী অইল ইণ্ডিয়া লিমিটেডে বিগত ন মাহত লাভ অর্জনৰ ক্ষেত্রত অভিলেখ সৃষ্টি কৰিছে৷ ২০২১ চনৰ ৩১ ডিচেম্বৰ পর্যন্ত পূর্বৰ সকলো অভিলেখ ভংগ কৰি লাভৰ অংশ ১৫২ শতাংশলৈ বৃদ্ধি হৈছে৷ এই কথা এখন সংবাদ মেলযোগে প্রকাশ কৰে অইলৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্রই৷ নাৰেংগীস্থিত অইলৰ পাইপ লাইন শাখাৰ মুখ্য কার্যালয়ত সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে যোৱা বর্ষৰ প্রথম ন মাহত কোম্পানীটোৱে ৮৯৪.০৩ কোটি টকা লাভ কৰাৰ বিপৰীতে বিত্তীয় বর্ষত ২২৫৭.৩০ কোটি টকালৈ লাভ বৃদ্ধি হৈছে৷ শীর্ষ বিষয়াগৰাকীয়ে আৰু কয় যে বিগত বর্ষৰ ডিচেম্বৰলৈ কোম্পানীটোৰ আয় আছিল ৬০২৮.৭২ কোটি টকা৷ কিন্তু চলিত বর্ষৰ প্রথম ন মাহত ইয়াৰ পৰিমাণ হয়গৈ ১০০৫১.৫৭ কোটি৷ একেদৰে প্রাকৃতিক গেছ উৎপাদনো বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা বর্ষৰ তুলনাত ১৭.৮৩ শতাংশ বৃদ্ধি হৈছে৷ ২০২০–২১ বর্ষৰ অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত EBITDAৰ পৰিমাণ ২৭৭.৪২ কোটি হোৱাৰ বিপৰীতে ২০২১–২২ বর্ষৰ সেই তিনি মাহত ইয়াৰ পৰিমাণ ২২৩৫.৭২ কোটিলৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেওঁ খাৰুৱা তেলৰ প্রাপ্তি ৩৮.৯৮ বি বি এল আমেৰিকান ডলাৰৰ বিপৰীতে বিগত ন মাহত ইয়াৰ পৰিমাণ ৭২.৪১ বিবিএল আমেৰিকান ডলাৰ হোৱাৰ কথা উল্লেখ কৰে৷ তেওঁ ৮৫.৭৬ শতাংশ বৃদ্ধি হোৱা বুলি সদৰী কৰে৷ ইয়াৰ লগতে তৈল কোম্পানীটোৱে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ কথা প্রকাশ কৰি তেওঁ অইল ইণ্ডিয়া লিমিটেডে এ ই এম্ প্রযুক্তিৰ সহায়ত গ্রীন হাইড্রজেন উৎপন্ন কৰিবলৈ যোৰহাটস্থিত ইয়াৰ পাম্প ষ্টেচনত এশ কিলোৱাটৰ এক প্রযুক্তি স্থাপনৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ দিয়াৰ উপৰি তেওঁ অইলে ইতিমধ্যে গ্রহণ কৰা বিভিন্ন অভিলাষী প্রকল্পৰ কথাও ব্যক্ত কৰে৷ সংবাদ মাধ্যমৰ আগত অইলৰ চিএমডিগৰাকীয়ে ইথানেলযুক্ত পেট্র’লে বাহনৰ কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰে৷ গুৱাহাটীত পর্যায়ক্রমে পাইপেৰে গেছ যোগানৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ ব্যক্ত কৰে৷

You might also like