নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অইলৰ ৰিগত গেছ নিৰ্গমন : ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ক্ষতিগ্ৰস্ত পৰিয়ালক ২৫ হাজাৰকৈ অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত অইলৰ ৰিগত গেছ নিৰ্গমন : ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ক্ষতিগ্ৰস্ত পৰিয়ালক ২৫ হাজাৰকৈ অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুন : অ’এনজিচিৰ ৰিগত গেছ নিৰ্গমন-ৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালক ২৫ হাজাৰকৈ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তৎক্ষণাত সাহায্য হিচাপে এই ধনৰাশি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

কালি নিশা মুখ্যমন্ত্ৰী ড০ শৰ্মাই শিৱসাগৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছিল, একে সময়তে ১৩৫নং ৰিগটোৰ কূপ নং আৰ ডি এছ ১৪৭ থকা ভটিয়াপাৰ বাৰিচুকৰ বাসিন্দাসকলক আশ্বাস দিছিল যে লিক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে ক্ষতিগ্ৰস্ত পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়া হ’ব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই সকাহ ঘোষণা কৰে যিটো তেওঁ প্ৰাথমিক ধন বুলি কয়। আনহাতে অ’এনজিচিয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰিব।

‘আমি যি ক্ষতিপূৰণ দিব লাগিব সেই বিষয়ে আলোচনা কৰিম কিন্তু এতিয়ালৈকে মই ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তাৎক্ষণিকভাৱে ২৫ হাজাৰ টকাৰ সকাহ দিয়াৰ কথা ঘোষণা কৰিছো যাতে তেওঁলোকে কাপোৰ-কানি, কিতাপ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব পাৰে।এই ক্ষতিপূৰণৰ সৈতে কোনো সম্পৰ্ক নাই আৰু ই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা সামান্য ধনৰাশি।’ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই এইদৰে কয়। উল্লেখ্য যে চাৰিদিনীয়া উজনি অসম ভ্ৰমণৰ সামৰণি মাৰে মুখ্যমন্ত্ৰীয়ে।

ভাৰত চৰকাৰৰ নৱৰত্ন উদ্যোগ তেল আৰু গেছৰ ঘটনাটোত আমেৰিকাৰ এজন বিশেষজ্ঞৰ সেৱা গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ সৈতে এই বিষয়ত কথা পতা বুলিও ঘোষণা কৰে।

গেছ নিৰ্গত হোৱাটো নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত থকাৰ বাবে সত্তৰটা পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি বিষয়াসকলে জনায়।

“শেহতীয়াকৈ শিৱসাগৰত গেছ নিৰ্গত হোৱা লোকসকলক লগ পালোঁ।ONGCৰ বিষয়াসকলক অতি সোনকালে পৰিস্থিতিৰ সমাধানৰ বাবে নিৰ্দেশ দিছো, যিহেতু সময় গুৰুত্বপূৰ্ণ। ​​মই মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু অএনজিচিৰ অধ্যক্ষৰ সৈতে আলোচনাৰ সময় নিৰ্ধাৰণ কৰিছো যাতে এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি বিদেশী বিশেষজ্ঞক নিয়োজিত কৰা হয়। ইয়াৰ মাজতে আমাৰ চৰকাৰৰ মন্ত্ৰীসকল এই স্থানত নিয়োজিত হ’ব শিৱসাগৰত আমাৰ জনসাধাৰণক তেওঁলোকৰ বাবে স্থাপন কৰা শিবিৰত অন্তৱৰ্তীকালীন সকাহ দিয়াটো নিশ্চিত কৰিবলৈ এই বিষয়টো আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু আমি আমাৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিম।’ গেছ নিৰ্গত হোৱা লোকসকলক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই Xত এইদৰে লিখিছে।

ইফালে, অ’এনজিচিৰ বিষয়াসকলে লিকটো প্লাগ কৰিব নোৱাৰাৰ বাবেই অ’এনজিচিয়ে ব্ল’আউট হোৱা কূপটোৰ ওচৰত বাস কৰা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত জনসাধাৰণৰ যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে।

ইফালে হাৰ্ট এটেকত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে কূপটোৰ পৰা অনিয়ন্ত্ৰিতভাৱে প্ৰাকৃতিক গেছ নিৰ্গত হোৱাৰ পিছত কেইবাজনো লোকে ফোহা আৰু ছালৰ ৰোগ হোৱাৰ অভিযোগো উত্থাপন কৰিছে।

১২ জুনত চাৰ্ভিচিং অপাৰেচনৰ সময়ত কূপ নং আৰ ডি এছ ১৪৭ৰ পৰা গেছৰ ঢৌ পৰ্যবেক্ষণ কৰা হৈছিল। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত অৱস্থিত এই কূপটো অ’ এন জি চিৰ হৈ এছ কে পেট্ৰ’ চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে পৰিচালনা কৰি আছে।

জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে, এই ঘটনাৰ ফলত প্ৰায় ১৫০০ লোক ক্ষতিগ্ৰস্ত হৈছে।

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, “তেওঁলোকে গেছৰ গোন্ধ পাইছে আৰু তেওঁলোকৰ চৌকা জ্বলাব পৰা নাই বা একো জ্বলাব পৰা নাই। আমি তেওঁলোকক ৰন্ধা খাদ্য যোগান ধৰিছো আৰু পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছো।’

You might also like