নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত সক্ৰিয় তেল চোৰ চক্ৰ

🔹 আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিশ্ব হিন্দু পৰিষদে

বিশেষ বাৰ্তা, ১৫ জুন  : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত তেল চোৰ চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঢেকীয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দাবী জনালে বিশ্ব হিন্দু পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ লগতে ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে । উল্লেখ্য যে শোণিতপুৰ জিলাত সক্ৰিয় হৈ পৰিছে তেল চোৰৰ এটা চক্ৰ ৷ জিলাখনৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ভোটপাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলে পেট্ৰ’ল, ডিজেল, বিটুমিনৰ চোৰাং বেহা ৷ ঢেকীয়াজুলিৰ ভোটপাৰাত তেল চোৰ চক্ৰই গুদাম সাজি এই ৰমৰমীয়া বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিশ্ব হিন্দু পৰিষদে ৷ বিশ্ব হিন্দু পৰিষদৰ জ্যেষ্ঠ বিষয়ববীয়া দ্বীপেন নাথে সংবাদ মাধ্যমত জনায় যে ঢেকীয়াজুলিত তেল চুৰিৰ লগতে মদ, ভাং, ড্ৰাগছৰ অবৈধ বেহা চলি আছে ।তেল টেংকাৰৰ পৰা নিশা তেল চুৰ কৰি দুষ্ট চক্ৰটোৱে ভোটপাৰাৰ গুদামত মজুত কৰে আৰু ক’লা বজাৰত বিক্ৰী কৰে ৷ অবৈধভাৱে চলা তেল চুৰিৰ লগতে আলকাতৰা আৰু বিটুমিনৰ সমগ্ৰ বিষয় সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ লগতে বজৰংগ দলে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰাত আৰক্ষীয়ে ভোটপাৰাত উপস্থিত হৈ তেল চোৰ চক্ৰই সজা এটা অবৈধ গুদাম জব্দ কৰে ৷ আজি সচেতন নাগৰিকৰ লগতে বিশ্ব হিন্দু পৰিষদৰ শোণিতপুৰ জিলা সমিতি আৰু ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে তেল চোৰ চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দাবী জনায় । স্থানীয় আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দাবী কৰিছে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like