নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত শক্তি সপ্তাহত অইলৰ হাইড্ৰজেনচালিত বাছৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বেংগালোৰত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অইল ইণ্ডিয়া লিমিটেডৰ থলুৱাভাৱে নিৰ্মিত হাইড্ৰ’জেন ফিউল চেল ভিত্তিক বৈদ্যুতিক-বাছৰ ফ্লেগ অফ্ কৰে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছন আৰু আত্মনিৰ্ভৰ ভাৰত ভিজনৰ অধীনত অইলে নিজৰ ষ্টাৰ্টআপ প্ৰগ্ৰেম “স্নেহ”ৰ অধীনত এই হাইড্ৰ’জেন ফিউল চেল ভিত্তিক বাছখন থলুৱাভাৱে নিৰ্মাণ কৰে। উক্ত বাছখন ইলেক্ট্ৰিক ড্ৰাইভ আৰু ফিউল চেলৰ হাইব্ৰিড সংস্কৰণ। ফিউল চেলে হাইড্ৰ’জেন ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰে যাৰ দ্বাৰা বৈদ্যুতিক মটৰ চালিত হয় আৰু লগতে সহায়ক বেটাৰীক চাৰ্জ কৰে যিয়ে এক্সিলেটৰ আৰু ব্ৰেকিঙৰ সময়ত বেক-আপ শক্তি প্ৰদান কৰে। ৬০ কিলোৱাট ক্ষমতাসম্পন্ন এই ফিউল চেলটোত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰ’টন এক্সচেঞ্জ মেমব্ৰেন (পি ই এম) প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। বাছখনৰ টেংক ক্ষমতা হৈছে ৩৫০ বাৰ চাপত ২১.৯ কিলোগ্ৰাম। ইফালে চালক সহিতে ৩২ জন লোকৰ বাবে নিৰ্মাণ কৰা এই বাছখনত হুইল চেয়াৰৰ সুবিধাও প্ৰদান কৰা হৈছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like