নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰমুখৰ কচুৱাত কপিলী নৈত গা ধুবলৈ গৈ সন্ধানহীন বৃদ্ধ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম কচুৱা গাৱঁৰ প্ৰফুল্ল ভূঞা (৭৫) নামৰ এজন লোক কপিলী নদীত পৰি সন্ধানহীন হয় ৷ জানিব পৰা মতে লোকজন ঘৰৰ পৰা নাতিদূৰৈত থকা নৈ খনলৈ নামি যোৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে৷ কিন্তু বহু সময়লৈকে লোকজন নৈৰ পৰা উঠি নহাত পৰিয়ালৰ লোক আৰু স্হানীয় লোক নদীৰ কাষলৈ গৈ অনুসন্ধান কৰাত নৈৰ পাৰত বৃদ্ধজনৰ চেণ্ডেল যোৰহে প্ৰত্যক্ষ কৰে। ইয়াৰ পিচতে লোকজনে গা ধুই থাকোতেই উটি যোৱা বুলি সন্দেহ কৰি ৰাইজে আৰক্ষীৰ লগতে এচ ডি আৰ এফক খবৰ দিয়াত এচ ডি আৰ এফে নৈত অভিযান চলাইছে যদিও লোকজনৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই ৷

প্ৰেৰক ভৱজয় ডেকা

You might also like