নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ বিশ্বজুৰি আতংক সৃষ্টি কৰা ক’ভিডৰ অত্যন্ত সংক্রামক ভেৰিয়েণ্ট অমিক্রনত আক্রান্ত হৈছে ৰাজ্যৰ দুজন লোক৷ ছৌদি আৰবৰ পৰা অহা হোজাই নিৱাসী মহম্মদ মাহমুদ হুছেইন আৰু সোণাপুৰৰ ডিগাৰুৰ ৰোহণ দাস নামৰ এই দুই ব্যক্তিৰ শৰীৰত ধৰা পৰিছে অমিক্রনৰ সংক্রমণ৷ আজি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ প্রেক্ষাগৃহত এখন সংবাদ মেল সম্বোধন কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সদৰী কৰিছে এই তথ্য৷ তেওঁ প্রকাশ কৰা অনুসৰি ৩৫ বছৰীয়া মহম্মদ হুছেইন ছৌদি আৰবৰ পৰা অহাৰ পাছত তেওঁৰ নমুনা জেন’ম পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছিল৷ যোৰহাটৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাত তেওঁ অমিক্রনত আক্রান্ত বুলি ধৰে পৰে৷ আনহাতে ডিগাৰুৰ ৰোহণ দাস অমিক্রনত আক্রান্ত বুলি মেঘালয় চৰকাৰে চিনাক্ত কৰিছে৷ অৱশ্যে ৰোহণ দাসৰ ক’ভিড পৰীক্ষাৰ ফলাফল অমিক্রনত আক্রান্ত হোৱাৰ তথ্য মেঘালয় চৰকাৰে প্রকাশ কৰাৰ পাছতে ৰাজ্য চৰকাৰে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিছে৷ কিন্তু তাৎপর্যপূর্ণভাৱে ৰোহণ দাসৰ সন্ধান আজি পর্যন্ত উদ্ধাৰ কৰিব পৰা নাই জিলা প্রশাসনে৷ এই কথা সদৰী কৰি মন্ত্রী মহন্তই কয়– ‘ৰোহণ দাস আক্রান্ত হোৱাৰ বাতৰি পোৱাৰ পাছতে তেওঁৰ সংস্পর্শলৈ অহা ব্যক্তিসকলৰ পৰীক্ষা কৰাকে ধৰি সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ৰোহণ দাসক বিচাৰি উলিয়াব পৰা নাই যদিও তেওঁৰ পিতৃ–মাতৃৰ সন্ধান পোৱা গৈছে৷ পিতৃ–মাতৃয়ে প্রকাশ কৰা অনুসৰি ইতিমধ্যে ৰোহণ দাস ক’ভিড নিগেটিভ হৈছে৷ সেইদৰে মাহমুদ হুছেইনো ক’ভিড নিগেটিভ হৈছে বুলি জানিব পৰা হৈছে৷’
অমিক্রনৰ সংক্রমণ প্রতিৰোধৰ বাবে আন্তঃৰাষ্ট্রীয় ভ্রমণ কৰি অহা লোকসকলৰ ওপৰত ৰাজ্য চৰকাৰে বিশেষ নিৰীক্ষণ ব্যৱস্থা কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৪ জানুৱাৰী পর্যন্ত অসমলৈ আন্তঃৰাষ্ট্রীয় ভ্রমণ কৰি অহা লোকৰ সংখ্যা ৩,১৯৮জন৷ ইয়াৰে ৫২গৰাকী ক’ভিড পজিটিভ হৈছে৷ ইয়াৰে এজনৰ অর্থাৎ মাহমুদ হুছেইনৰ শৰীৰত অমিক্রনৰ সংক্রমণ হোৱাটো আজি নিশ্চিত হৈছে৷ তদুপৰি ১২ ডিচেম্বৰৰ পৰা বর্তমানলৈ ১,৫৯৮টা নমুনা জেন’ম পৰীক্ষাৰ বাবে কলকাতালৈ প্রেৰণ কৰা হৈছিল৷ ইয়াৰে ১,০৩৮টা পৰীক্ষাৰ ফলাফল এতিয়ালৈকে লাভ কৰিছে ৰাজ্য চৰকাৰে৷ ইপিনে ৰাজ্যত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা সংক্রমণৰ হাৰ সন্দর্ভত কয় যে কাইলৈ মুখ্যমন্ত্রীৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকৰ পাছতে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি গ্রহণ কৰিবলগীয়া সিদ্ধান্তসমূহ বিবেচনা কৰা হ’ব৷ সংবাদ মেলত তেওঁ প্রকাশ অনুসৰি যোৱা ১ জানুৱাৰীত ৰাজ্যত ১৫০জন আৰু গুৱাহাটী ৭৬জন লোক আক্রান্ত হৈছিল ক’ভিডত৷ সেইদৰে ২ জানুৱাৰীত ১৫৬জন আৰু গুৱাহাটী ৭৮জন, ৩ জানুৱাৰীত ৰাজ্যত ৩৫১জন আৰু গুৱাহাটী ১৬৪জন, ৪ জানুৱাৰীত ৰাজ্যত ৪৭৫জন আৰু গুৱাহাটী ১৯০জন লোক ক’ভিডত আক্রান্ত হৈছে৷
আনহাতে আজিৰ দিনটোত সংবাদ মেল সম্বোধন কৰালৈকে আক্রান্তৰ সংখ্যাই ৫০০ ঘৰ অতিক্রম কৰিছে বুলি মহন্তই প্রকাশ কৰে৷ তদুপৰি তেওঁ কয় যে বিগত ১০ দিনত গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ, যোৰহাট, ডিব্রুগড়, কাছাৰ আৰু হোজাইত বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ৷ মন্ত্রীগৰাকীৰ তথ্য অনুসৰি শেহতীয়াকৈ দহ দিনত গুৱাহাটীত ৮৩০জন, কামৰূপ জিলাত ১৫৬জন, যোৰহাটত ১০৫জন, ডিব্রুগড়ত ৭২জন, কাছাৰত ৬০জন আৰু হোজাইত ৫০জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আন জিলাসমূহত আক্রান্তৰ সংখ্যা ৫০ৰ তলত বুলি তেওঁ জানিবলৈ দিছে৷ লক্ষণীয় যে ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পালেও যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ সাজু বুলি তেওঁ কয়– ‘ৰাজ্যত বর্তমান আইছ’লেচন বিছনাৰ সংখ্যা ৪,৯৯১খন৷
ইয়াৰে ৩০৮খনত ৰোগী আছে৷ অক্সিজেনৰ সুবিধা থকা বিছনাৰ সংখ্যা ২,৬৩৩খন, ইয়াৰে ১০৫খনত বর্তমান ৰোগী আছে৷ সেইদৰে ২৮৫খন আই চি ইউ বিছনাৰ মাত্র ১১খনতহে ৰোগী চিকিৎসাধীন হৈ আছে৷ ভেণ্টিলেচনসহ অক্সিজেনৰ সুবিধা থকা বিছনাৰ ৬৫০খনৰ ৪০খনতহে ৰোগী আছে৷ মুঠ ৮,৫৩৯খন বিছনা আজিৰ দিনটোত সম্পূর্ণৰূপে সাজু হৈ আছে৷ ইয়াৰে মাত্র ৪৪০খনতহে ৰোগী আছে৷ অর্থাৎ ৯৫ শতাংশ বিছনাই বর্তমান খালী হৈ আছে৷’ তদুপৰি গুৱাহাটী মহানগৰীত ক’ভিডৰ চিকিৎসা ব্যৱস্থা সন্দর্ভত তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২৮টা পেয়িং কেবিনৰ উপৰি ২০০খন বিছনাযুক্ত ক’ভিড আই চি ইউৰ বিশেষ ব্যৱস্থা আছে৷ ইয়াৰে ১০০খন বিছনা সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া হৈছে যদিও যিকোনো মুহূর্তত ক’ভিডৰ চিকিৎসাৰ বাবে এই বিছনাসমূহ ব্যৱহাৰ কৰিব পৰা যাব৷ সেইদৰে কালাপাহাৰ ক’ভিড হাস্পতালত আছে ১০৬খন বিছনা, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল বন্ধ কৰা হৈছে যদিও ২৭২খন বিছনা থকা এটা ভৱন কিছুদিনৰ বাবে বন্ধ নকৰিবলৈ সাময়িকভাৱে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেই বিছনাসমূহত আই চি ইউ আৰু অক্সিজেনৰ সুবিধা আছে৷ সৰুসজাই ক’ভিড হাস্পতালত ৩০০ বিছনাৰ লগতে ক’ভিড কেয়াৰ চেণ্টাৰত আছে ৩৩৪খন বিছনা৷ ইয়াতে আজি মাত্র ছয়জন ৰোগীক ভর্তি কৰোৱা হৈছে৷ জি এম চি এইচৰ অধীনতো বিভিন্ন চিকিৎসালয়ত আছে ১,৫০৩খন বিছনা৷ সর্বমুঠ অসমত ২৫ হাজাৰজন ৰোগীক হাস্পতালত ৰাখিব পৰা ব্যৱস্থা ৰাজ্য চৰকাৰৰ হাতত মজুত আছে৷ সেইদৰে বর্তমান ৰাজ্যত অক্সিজেনৰ কোনো অসুবিধা অথবা নাটনি নাই বুলিও তেওঁ সদৰী কৰে৷
আনহাতে ৰাজ্যত ভেকচিন প্রদান প্রক্রিয়া অব্যাহত ৰখা সন্দর্ভত তেওঁ কয়– ‘ৰাজ্যত বর্তমানলৈকে ৩,৮২,৬৮,১৮২জন লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ২,২১,৩৫,৯৭২জনক প্রথম পালি, ১,৬১,৩২,২১০জন দ্বিতীয় পালি ভেকচিন প্রদান কৰা হৈছে৷ ৩ জানুৱাৰীৰ পৰা ৰাজ্যত ১৫–১৮ বছৰ বয়সৰ লোকসকলক ভেকচিন প্রদান কৰা হৈছে৷ প্রথম দিনটোতে প্রায় ১.১৪ লাখ লোকক ভেকচিন দিয়া হৈছে৷ ৪ জানুৱাৰীত ১.১৯ আৰু ৫ জানুৱাৰীত ১.১৫ লোকক এই ভেকচিন প্রদান কৰা হৈছে৷’ সমান্তৰালভাৱে ৰাজ্যত বর্তমান বলৱৎ হৈ থকা এছ অ’ পি কঠোৰভাৱে কার্যকৰী কৰিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক কঠোৰ নির্দেশ দিয়া হৈছে বুলি সদৰী কৰি তেওঁ কয় যে বর্তমান বাহাল থকা এছ অ’ পিখনত মাস্ক পৰিধানকে ধৰি সকলোধৰণৰ নীতি–নির্দেশনা দিয়া হৈছে৷ ইপিনে ৬০ৰ ঊর্ধ্বৰ লোকসকলক বুষ্টাৰ ড’জ প্রদান কৰা সন্দর্ভত তেওঁ কয় যে দ্বিতীয় পালিৰ পৰা ৩৯ দিন সম্পূর্ণ হোৱা ৬০ৰ ঊর্ধ্বৰ ব্যক্তিসকলক প্রথমতে বুষ্টাৰ ড’জ প্রদান কৰা হ’ব৷ ফ্রণ্ট লাইন স্বাস্থ্যকর্মীসকলক সকলো বয়সৰ যোগ্য লোককে বুষ্টাৰ ড’জ প্রদান কৰা হ’ব৷ সেইদৰে আগন্তুক সময়ত ৰাজ্যত ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে বর্তমান স্বাস্থ্য বিভাগৰ হাতত ৫ লাখ টেষ্ট কিট মজুত আছে৷ তদুপৰি ১০ লাখ অতিৰিক্ত টেষ্ট কিটৰ বাবে অর্ডাৰ দিয়া হৈছে৷ এইক্ষেত্রত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে৷ জেন’ম পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পলতাত শীঘ্রে এটা লেব স্থাপন কৰা হ’ব৷
সোণাপুৰত ৰোহণ দাসৰ সন্ধানত আৰক্ষী
শ্বিলঙত কৰা পৰীক্ষাত সোণাপুৰ থানাৰ অন্তর্গত ডিগাৰুৰ মৈৰাকুছিৰ ৰোহণ দাস নামৰ লোকজনৰ শৰীৰত অমিক্রনৰ সংক্রমণ ধৰাৰ পৰা পাছতে সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ প্রাপ্ত তথ্য অনুসৰি মৈৰাকুছিত ভাৰাতীয়া হিচাপে থকা মুন্না আৰু পূর্ণিমা দাসৰ ১৩ বছৰীয়া পুত্র হৈছে ৰোহণ৷ কর্মসূত্রে মুম্বাইত থকা মুন্না দাসৰ পৰিয়ালটো কিছুদিন পূর্বে মেঘালয়লৈ আহিছিল৷ বিগত বর্ষৰ ২১ ডিচেম্বৰতে তেওঁলোকৰ মেঘালয়তে ক’ভিড পৰীক্ষা কৰা হৈছিল৷ মেঘালয়ত অমিক্রন সংক্রমণ ধৰা পৰাত তেওঁলোক আহি সোণাপুৰৰ মৈৰাকুছিস্থিত ভাৰাঘৰত আশ্রয় লয়৷ কিন্তু ৰোহণ দাস অমিক্রনত আক্রান্ত হোৱা বুলি খবৰ বিয়পি পৰাৰ লগে লগে কিশোৰজনে চিকিৎসা কর্মীক যোগাযোগ নকৰি ভাৰাতীয়া ঘৰৰ পৰা পলায়ন কৰে৷ সোণাপুৰ আৰক্ষীয়ে ৰোহণৰ সন্ধান অব্যাহত ৰাখিছে৷ ডিগাৰু তিনিআলিত ৰোহণ দাসৰ পৰিয়ালৰ এখন কাপোৰৰ দোকান আছে৷ ইতিমধ্যে প্রশাসনে এই দোকানখন বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে৷ বিপ্লৱ দাস নামৰ লোকজনৰ চৌহদত মুন্না দাসৰ উপৰি আন পাঁচটা পৰিয়াল ভাৰাতীয়া হিচাপে বসবাস কৰি আহিছে৷ এই লোকসকলৰো ইতিমধ্যে ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্রশাসনে৷ আনহাতে ৰোহণৰ আইতাক সম্প্রতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ আইতাকৰ সৈতে বর্তমানে ৰোহণৰ মাতৃ আৰু ৭ বছৰীয়া ভাতৃও আছে বুলি জানিব পৰা গৈছে৷