অহা বর্ষৰ দশম শ্রেণীৰ পৰীক্ষাত OMR শ্বীট থাকিব অবজেক্টিভ প্রশ্ন– ছেবালৈ শিক্ষা বিভাগৰ পৰামর্শ
- শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ঘোষণা
- বুক বেংক স্থাপনৰ বাবে নির্দেশনা প্রতি বিদ্যালয়লৈ
- অহা বর্ষৰ পৰা ষষ্ঠ শ্রেণীত সংযোজন হ’ব ভূগোল–বুৰঞ্জী পাঠ্যক্রম
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ: চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ৰ প্রশ্ণকাকতত অবজেক্টিভ প্রশ্ণ থকাক লৈ সৃষ্টি হৈ থকা বিতর্কৰ বিপৰীতে শিক্ষা বিভাগে অহা বর্ষৰ দশম শ্রেণীৰ পৰীক্ষাত সকলো বিষয়ত অ’ এম আৰ শ্বীটত অবজেক্টিভ প্রশ্ণ দিয়াৰ চিন্তাচর্চা কৰিছে৷ আজি এই কথা সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভৰ এক কার্যসূচীত অংশ লৈ শিক্ষামন্ত্রীগৰাকীয়ে কয় যে মেট্রিক পৰীক্ষাত অবজেক্টিভ আৰু ছাবজেক্টিভ প্রশ্ণ প্রদানক লৈ আৰম্ভণিৰ পৰাই এক বিতর্ক তথা সমালোচনাৰ সৃষ্টি হৈছে৷ এটা বিষয়ৰ বাবে দুখন উত্তৰবহীক লৈ একাংশই শিক্ষা বিভাগৰ লগতে ছেবাকো মেট্রিকৰ আৰম্ভণিতেই যথেষ্ট সমালোচনা কৰিছিল৷ কিন্তু এইবাৰ পৰীক্ষাত এনেধৰণৰ প্রশ্ণকাকতক লৈ ছাত্র–ছাত্রীসকল তথা অভিভাৱক যথেষ্ট সন্তুষ্ট দেখা গ’ল৷
প্রতিযোগিতামূলক পৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি ছেবাই আৰম্ভ কৰা এনেধৰণৰ প্রশ্ণকাকতৰ বাবে অভিভাৱকসকলে শিক্ষা বিভাগক প্রশংসাহে কৰিছে৷ সেয়েহে অহা বর্ষৰ পৰা দশম শ্রেণীৰ পৰীক্ষা সকলো বিষয়ত অ’ এম আৰ শ্বীটত অবজেক্টিভ প্রশ্ণ দিব পাৰি নেকি এই বিষয়ে ছেবালৈ শিক্ষা বিভাগে পৰামর্শ দিব৷ উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী এই চাৰিটা বিষয়ৰ দুখনকৈ প্রশ্ণকাকত দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ অর্থাৎ এই চাৰিটা বিষয়ৰ বাবে ৪৫ নম্বৰকৈ অবজেক্টিভ প্রশ্ণ থাকিব৷ আনহাতে আন ৪৫ নম্বৰ থাকিব বিভিন্ন ধৰণৰ চুটি প্রশ্ণৰ৷ এই চাৰিটা বিষয়ৰ হ’ব দুখনকৈ উত্তৰবহী৷ মুখ্যতঃ ইয়াকে লৈ একাংশই ছেবাৰ লগতে শিক্ষা বিভাগকো তীব্র সমালোচনা কৰিছিল৷
ইফালে শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে প্রতিখন বিদ্যালয়ত এটাকৈ বুক বেংক স্থাপনৰ বাবে নির্দেশ দিয়া হৈছে৷ ইয়াৰ উদ্দেশ্য হ’ল শিক্ষাবর্ষ শেষ হোৱাৰ পাছত ছাত্র–ছাত্রীসকলে আৱশ্যক নোহোৱা বিনামূলীয়া চৰকাৰী কিতাপসমূহ বুক বেংকত জমা কৰিব৷ পৰৱর্তী বর্ষত যিসকলে নামভর্তি কৰে, তেওঁলোকে বুক বেংকৰ পৰা পাঠ্যপুথি সংগ্রহ কৰি অধ্যয়ন কৰিবলৈ সক্ষম হ’ব৷ আনহাতে অহা বর্ষত ষষ্ঠ শ্রেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বিষয় দুটা অন্তর্ভুক্ত কৰাৰ বাবেও শিক্ষা বিভাগে সিদ্ধান্ত লোৱাৰ কথা আজি শিক্ষামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ মন্ত্রী ডাঃ পেগুৱে এই সন্দর্ভত কয় যে ইতিমধ্যে প্রস্তুত কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে দিয়া পৰামর্শ অনুসৰিয়েই ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ভূগোল আৰু বুৰঞ্জী বিষয় দুটা অন্তর্ভুক্ত কৰা হৈছে৷ পৰৱর্তী সময়ত এই পাঠ্যক্রম তৃতীয় শ্রেণীৰ পৰা অন্তর্ভুক্ত কৰাৰো পদক্ষেপ লোৱা হ’ব৷