নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত ১২টাকৈ বিষয়ত অ’এমআৰ শ্বীট

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ আগন্তুক মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। শেহতীয়াকৈ ছেবা আৰু শিক্ষা সংসদক একত্ৰিকৰন কৰি গঠন হোৱা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে অনুস্থিত কৰিব পৰীক্ষা। যত আগন্তুক উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে প্ৰযোজ্য হব কেইবাটাও নিয়ম। মেট্ৰিক পৰীক্ষাৰ পিছত প্ৰথম বাৰৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত ব্যৱহাৰ হব অ এম আৰ শ্বিত।উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কলা, বিজ্ঞান, বানিজ্য শাখাত ১২টাকৈ বিষয়ত থাকিব অ এম আৰ চিত। কলা শাখাৰ ৫টাকৈ গুৰুত্বপূৰ্ণ বিষয় ক্ৰমে ৰাজনীতি বিজ্ঞান, শিক্ষা, তৰ্কবিজ্ঞান আৰু দৰ্শন, অৰ্থনীতি, বুৰঞ্জী বিষয়ত পৰীক্ষাৰ্থী সকলে ব্যৱহাৰ কৰিব লাগিব অ এম আৰ শ্বিট। ঠিক তেনেকৈ বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থী সকলে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গনিত বিষয়ত ব্যৱহাৰ কৰিব লাগিব অ এম আৰ শ্বিত।সমান্তৰালভাৱে বানিজ্য শাখাত বিজনেছ ষ্টাডিছ, একাউণ্টটেঞ্চি, ফাইনেঞ্চত শিক্ষাৰ্থী সকলে অ এম আৰ শ্বিত ব্যৱহাৰ কৰিব লাগিব। উল্লেখ যোগ্য যে অ এম আৰ শ্বিত থকা ১২টাকৈ বিষয়ত পৰীক্ষাৰ্থীসকলে ৫০% প্ৰশ্নৰ উত্তৰ অবজেকটিভ আৰু ৫০% প্ৰশ্নৰ উত্তৰ ৰছনাধৰ্মী কৰিব লাগিব। আনহাতে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সুচাৰুভাৱে সম্পন্ন কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ডিভিজন ১ আৰু ডিভিজন ২ত বিভক্ত কৰিছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ডিভিজন ১ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী সকলৰ বাবে ডিভিজন ২ থাকিব পৰীক্ষাৰ্থীসকলৰ এডমিট কাৰ্ডত। আনহাতে, ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী, মাৰ্চ মাহত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুস্থিত কৰাৰ সম্ভাবনা প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে। ইতিমধ্যে পৰীক্ষা পৰিচালনা কৰিবলৈ এখন উচ্চ পদস্থ কমিটি গঠন কৰি পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।

You might also like