নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিঃত অ’এমআৰ শ্বীট জব্দ মুখ্যমন্ত্রীৰ তদাৰকী শাখাৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ এ পি ডি চি এলৰ কেলেংকাৰিৰ তদন্ত চলাই থকা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই আজি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলাই জব্দ কৰিলে বহু পৰিমাণৰ অ’ এম আৰ শ্বীট৷ উল্লেখ্য যে এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষাক কেন্দ্র কৰি সৃষ্টি হোৱা বৃহৎ কেলেংকাৰিত সাঙোৰ খাই আছে গুৱাহাটী বিশ্ববিদ্যালয়৷ নিযুক্তি পৰীক্ষাৰ মূল্যায়নৰ দায়িত্ব লাভৰ পাছতেই বিশ্ববিদ্যালয়ৰ একাংশ বিষয়া–কর্মচাৰীয়ে পৰীক্ষাত উত্তীর্ণ কৰি দিয়াৰ বাবে প্রার্থীৰ সৈতে প্রত্যক্ষ যোগাযোগ কৰাই নহয়, ধনৰ লেনদেনতো নামি পৰিছিল৷ ইতিমধ্যে তদাৰকী শাখাই এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়ৰ চাৰিজনকৈ কর্মচাৰীক গ্রেপ্তাৰ কৰাৰ লগতে শ্রেণীসমূহৰ সচিব তথা ইয়াৰ লগত জড়িত একাংশ কর্মচাৰীকো জেৰা কৰিছে৷

অতি শেহতীয়াকৈ তদাৰকী শাখাই অভিযান চলাই শ্রেণীসমূহৰ সচিবৰ কোঠাৰ পৰা জব্দ কৰিছিল কিছুসংখ্যক অ’ এম আৰ শ্বীট৷ শুকুৰবাৰে পুনৰ তদাৰকী শাখাই অভিযান চলাই বহু পৰিমাণৰ অ’ এম আৰ শ্বীট জব্দ কৰে৷ তদাৰকী শাখাই জানিবলৈ দিয়া মতে, পৰীক্ষাৰ আঢ়ৈ লাখ অ’ এম আৰ শ্বীট পৰীক্ষা কৰা হ’ব৷

মন কৰিবলগীয়া যে এ পি ডি চি এলৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে শক্তি বিভাগটোৱে যিটো প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰিছিল, সেই প্রতিষ্ঠানটোৱে প্রার্থীৰ সৈতে যোগাযোগ কৰাৰ লগতে ধনৰো লেনদেন কৰাৰ অভিযোগ উঠিছে৷ এনে অভিযোগৰ পাছতো অ’ এম আৰ শ্বীট মূল্যায়নৰ দায়িত্ব লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ে একেটা প্রতিষ্ঠানকে মূল্যায়ন কৰিবলৈ দিয়ে৷ স্মর্তব্য যে এ পি ডি চি এল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অ’ এম আৰ শ্বীট মূল্যায়ন কৰাৰ বাবে এক বুজাবুজি চুক্তি হৈছিল৷

You might also like