নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবর্ষক ক’ৰোনামুক্ত কৰাৰ প্রার্থনাৰে ১২০ কোটি টকাৰ যজ্ঞ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ক’ৰোনাৰ আতংক এতিয়াও মাৰ যোৱা নাই সমগ্র বিশ্বত৷ ইতিমধ্যে মহামাৰী ক’ৰোনাৰ ফলত দেশৰ ভিন্ন প্রান্তৰ লগতে অসমতো প্রাণ হেৰুৱাইছে বহু লোকে৷ ক’ৰোনাৰ এনে আতংকৰ সময়তে শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ ক’ৰোনামুক্ত ভাৰত কৰাৰ দাবী কৰিছে ভদ্রকালী ৰিছার্চ ফাউণ্ডেচনৰ অধ্যক্ষ বিলাছ নাথ মহাৰাজে৷ এই বাবাই চেন্নাইৰ পৰা দেশৰ বিভিন্ন মঠ–মন্দিৰত উপস্থিত হৈ আশিস বিচাৰি আৰম্ভ কৰিছে যজ্ঞৰ প্রস্তুতি৷ কাৰণ মার্চ মাহত ক’ৰোনামুক্ত ভাৰত কৰিবলৈ বাবাই গুজৰাটত আৰম্ভ কৰিব যজ্ঞ৷ ১২০ কোটি টকাৰ যজ্ঞৰ পূর্বে বাবাই কামাখ্যাত কৰিছে পূজা–অর্চনা৷ যজ্ঞত ব্যৱহাৰ কৰা হ’ব প্রকৃতিৰ পৰা উৎপন্ন সমগ্রী৷ উল্লেখ্য যে জুলাইত এই বাবাই গুজৰাটত অনুষ্ঠিত কৰিছিল ১০৮টা হস্তীৰ পূজা৷ এই পূজাৰ পাছতে বাবাই কৰা দাবী অনুসৰি আগষ্ট মাহত গুজৰাটত শূন্য হৈছিল ক’ৰোনা ৰোগী৷ এসপ্তাহৰ বাবে কামাখ্যালৈ অহা এই বাবাই স্থানীয় একাংশ পুৰোহিতৰ সহযোগত কামাখ্যাত আৰম্ভ কৰিছে পূজা–যজ্ঞ৷ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতৰ পাছতে বাবাই অসমো ক’ৰোনামুক্ত হ’ব বুলি দাবী কৰে৷ উল্লেখ্য যে আয়ুর্বেদ–তন্ত্রমন্ত্র্ জৰিয়তে দেশক ক’ৰোনাৰ পৰা মুক্ত কৰিব বুলি বিশ্বাস বিলাছ নাথ মহাৰাজৰ৷ যাৰ বাবে চেন্নাইৰ পৰা আহি দেশৰ বিভিন্ন মঠ–মন্দিৰত আৰম্ভ কৰিছে বিশেষ পূজা–যজ্ঞ৷

You might also like