বাৰ্তা ডিজিটেল ডেস্ক, ২ জানুৱাৰীঃ ৰাজপথত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি-অতপালি ৰোধ কৰিবলৈ অসম আৰক্ষী আৰু পৰিবহণ বিভাগে ৰাজ্যজুৰি বিভিন্ন প্রান্তত পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বহু সময়ত অভিযানো চলাই আহিছে৷ কিন্তু এই অভিযানেও যেন নাকী লগাব পৰা নাই সুৰাপায়ী চালকক৷ ৩১ ডিচেম্বৰৰ নিশা মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ মূল কেন্দ্রসমূহত সুৰাপানৰ ফলত হ’ব পৰা সম্ভাব্য দুর্ঘটনা ৰোধ কৰিবলৈ পৰিবহণ বিভাগে অভিযান চলালে৷ অসম আৰক্ষীয়েও পৰিবহণ বিভাগৰ অভিযানত সহযোগ কৰিলে৷ কিন্তু ইমানৰ পাছতো ৰাজ্যত পথ দুর্ঘটনা নাইকিয়া নহ’ল৷ ৰাজ্যৰ বিভিন্ন প্রান্তত যোৱানিশা সৰুসুৰা পথ দুর্ঘটনা সংঘটিত হয়৷ কামৰূপ মহানগৰ জিলাতে নিশাটোত সংঘটিত হ’ল ৩০টাকৈ সৰুবৰ পথ দুর্ঘটনা৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পোৱা তথ্য অনুসৰি কালি হাস্পতালখনৰ জৰুৰীকালীন চিকিৎসা সেৱা কক্ষলৈ মুঠ ৪৭১টা ঘটনাৰ খবৰ আহিছিল৷ তাৰে ৪৭টাই দুর্ঘটনাৰ খবৰ৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৩০টা পথ দুর্ঘটনাৰ খবৰ পোৱাৰ লগতে বাকী ১৭টা দুর্ঘটনা কামৰূপ জিলাত হৈছে বুলি জানিব পৰা গৈছে৷ ঘটনাকেইটাত ২০ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ অধিক যুৱক আক্রান্ত হৈছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত কালি পুৱতিনিশালৈকে পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাইছিল৷ উক্ত অভিযান তদাৰক কৰিবলৈ পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যও গণেশগুৰি উৰণ সেতুৰ তলৰ অভিযানথলীত নিশা আহিছিল৷ কিন্তু ইমানৰ পাছতো মহানগৰীৰ পথ দুর্ঘটনা ৰোধ নহ’ল৷ অৱশ্যে বিগত বছৰৰ তুলনাত অসম আৰক্ষী আৰু পৰিবহণ বিভাগৰ অক্লান্ত প্রচেষ্টাৰ বাবেই পথ দুর্ঘটনা এইবাৰ কিছু কমিছে৷ আনহাতে সুৰাপায়ী চালকক হাতেলোটে কৰায়ত্ত কৰিবলৈ দুপৰনিশালৈকে পৰিবহণ বিভাগৰ বিষয়াসকলে মহানগৰীৰ বিভিন্ন ঠাইত বাহৰ পাতি থকাৰ পাছতো মহানগৰীত সুৰাৰ বিক্রীৰ হাৰৰ পৰিৱর্তন নহ’ল৷ ৰাইজে সুৰাপান কৰি গাড়ী নচলালে যদিও পচন্দৰ সুৰা দোকানৰ পৰা ক্রয় কৰি ঘৰতে ৩১ ডিচেম্বৰৰ বর্ষ বিদায়ৰ আনন্দ উদ্যাপন কৰিলে৷ জানিব পৰা মতে অকল কালিৰ দিনটোতে গুৱাহাটী মহানগৰীত প্রায় ৮.৫ কোটি টকাৰ সুৰা বিক্রী হ’ল৷ বিগত বর্ষৰ তুলনাত এয়া অধিক বুলি জানিব পৰা গৈছে৷