নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জানুৱাৰীত দুটাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি নিছিল চোৰাং চিকাৰীৰ দলে

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : ২২ জানুৱাৰীত এটা নহয়, দুটাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি নিছিল চোৰাং চিকাৰীৰ দলে। দুয়োটা গঁড় হত্যাত জড়িত আছিল একেটা চোৰাং চিকাৰীৰ দল। উল্লেখ্য যে কাজিৰঙাত নিধন কৰা গঁড়ৰ খড়্গ কালি মহুৰামুখত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এছ পি ৰাজেন সিঙৰ নেতৃত্বত অহা আৰক্ষী আৰু বন বিভাগৰ দলে ঘৰৰ পিছফালে মাটিত পুতি থোৱা অৱস্থাত গঁড়ৰ খড়্গ উদ্ধাৰ কৰিছিল। তদুপৰি দুৰ্ধৰ্ষ গঁড় চিকাৰী জগো পেগুক আটক কৰে আৰক্ষীয়ে। দিচৈ গাঁও পঞ্চায়তৰ বৰবালি গাঁৱৰ জগো পেগু (৩৫)। ২২ জানুৱাৰীত অগৰাতলী বনাঞ্চলৰ মাক্লুং বন শিবিৰৰ সমীপত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হৈছিল। আনটো গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ বোকাখাত আৰক্ষীৰ দল ৰাওনা হৈছে।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like