নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত লুইতৰ পাৰত খহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা,  ২০ আগষ্ট : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বালিডোংগাত লুইতৰ পাৰত খহনীয়া প্ৰতিৰোধৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজি মৰিগাঁও জিলা আমছুৰ উদ্যোগত আৰু স্হানীয় ৰাইজৰ সহযোগত বালিডোংগাত অব্যাহত থকা লুইতৰ খহনীয়াগ্ৰস্ত স্থানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰচণ্ড বৰষুণৰ মাজতে লুইতৰ পাৰত কেইবাশ আমছু কৰ্মী আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ বালিডোংগা গাঁৱত চলি থকা বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ দাবীত দুইঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে “খহনীয়া প্ৰতিৰোধ কৰক, মৰিগাঁও জিলা জলসম্পদ বিভাগ হায় হায়” শ্লোগান দি লুইতৰ পাৰ উত্তাল কৰি তোলে। পিছত ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াই প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে ৰাজহ চক্ৰ বিষয়াক কেইবাদফীয়া দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে যোৱা কেইবাদিন ধৰি বালিডোংগাত অব্যাহত আছে লুইতৰ গৰাখহনীয়াৰ বিধ্বংসী তাণ্ডৱ। ইমানৰ পিছতো মৰিগাঁও জিলা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত নৈপৰীয়া ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

প্ৰেৰক আবুল কালাম

You might also like