নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ ৰাজপথত ৰাইজে আঁঠু কঢ়ালে লম্পট আৰক্ষী বিষয়াক

বিশেষ বাৰ্তা, ১৪ জুলাই : তেজপুৰ চহৰৰ বৰুৱা চুবুৰিৰ ৰাইজে আজি ৰাজপথত আঁঠু কঢ়াই ৰাজহুৱা শাস্তি প্ৰদান কৰিলে অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকক। তেজপুৰৰ আৰক্ষী উপ-পৰিদৰ্শক লুইত ৰাজবংশীয়ে এগৰাকী যুৱতীক ধাৰাবাহিকভাৱে অশোভনীয় মেছেজ প্ৰেৰণ কৰি কিছুদিন ধৰি হাৰাশাস্তি কৰি আহিছিল। আৰক্ষী বিষয়াগৰাকীৰ এনে আচৰণত অতিষ্ঠ হৈ যুৱতীগৰাকীৰ উপস্থিতিতে পৰিয়াল আৰু স্থানীয় ৰাইজে ৰাজপথত আৰক্ষী বিষয়াগৰাকীক আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে। এই ঘটনাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে লম্পট আৰক্ষী বিষয়াজনে তেওঁৰ কু-কৰ্মৰ বাবে যুৱতীগৰাকীৰ লগতে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। শেষত তেজপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ আৰক্ষী বিষয়াজনক ঘটনাস্থলীৰ পৰা লৈ যায়।

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like