বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু প্ৰয়াত লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত বিগত চাৰিটা বৰ্ষৰ সফল আয়োজনৰ পিছত এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত প্ৰয়াত শশাঙ্ক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে আগন্তুক ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ তিনি আৰু চাৰি তাৰিখে শুৱালকুছিৰ সমীপৰ হালোগাঁৱত অৱস্থিত অভয় চৰণ চৌধাৰী ষ্টেডিয়ামত দুদিনীয়াকৈ আয়োজন কৰা এই একাঙ্কিকা নাট প্ৰতিযোগিতাখনিত যোগদানৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ নাট্য দল সমূহৰ পৰা মৌলিক পান্ডুলিপি আহ্বান কৰা হৈছে। প্ৰতিযোগিতাৰ বিভিন্ন পুৰস্কাৰৰ শিতানত প্ৰথম শ্ৰেষ্ঠ নাট্যদল, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ বাবে যথাক্ৰমে বিশ হাজাৰ, পোন্ধৰ হাজাৰ আৰু দহ হাজাৰ নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। তেনেদৰে শ্ৰেষ্ঠ পান্ডুলিপিৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ পৰিচালকৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বাবে পাঁচ হাজাৰকৈ, শ্ৰেষ্ঠ সহ-অভিনেতা আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বাবে তিনি হাজাৰকৈ, শ্ৰেষ্ঠ শিশু শিল্পীৰ বাবে তিনি হাজাৰ নগদ ধনৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। লগতে বিচাৰকৰ বিশেষ উল্লেখ হিচাপে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ ব্যৱস্থা ৰখা হৈছে। আনহাতে প্ৰতিযোগিতাখনিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিবলৈ অহা নাট্যদলক যিকোনো এটা পুৰস্কাৰ লাভ নকৰিলে যাতায়াতৰ বাবদ তিনি হাজাৰকৈ নগদ ধন আৰু অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ কথা কোৱা হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক নাট্যদল সমূহক তেখেতসকলৰ নাটকৰ ডিটিপি কৰা পান্ডুলিপি পিডিএফ্ কৰি অহা ১০ জানুৱাৰী ২০২৪ ৰ ভিতৰত www.rupalim.org ত আপলোড্ কৰিবলৈ আহ্বান জনোৱা হৈছে। পান্ডুলিপিৰ প্ৰথম পৃষ্ঠাত নাটকৰ নাম, নাট্যদলৰ নাম, নাট্যকাৰ আৰু পৰিচালকৰ নাম, দৈৰ্ঘ্য, যোগাযোগৰ ঠিকনা, ইমেইল আৰু মোবাইল নম্বৰ আদি স্পষ্টভাবে উল্লেখ থাকিব লাগিব। নাটকৰ দৈৰ্ঘ্য মঞ্চ সজ্জা সহিতে পঞ্চলিশ মিনিট ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত নাট্যদল সমূহে ভৰ্তি মাচুল হিচাপে নগদ পাঁচশ টকা প্ৰতিযোগিতা থলীত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়ত জমা দিব লাগিব। অসমৰ লব্ধ প্ৰতিষ্ঠিত নাট্য কৰ্মীৰ দ্বাৰা বিচাৰকৰ আসন অলংকৃত হ’বলগা দুহেজাৰ চৌবিশ বৰ্ষৰ ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হ’ব চাৰি ফেব্ৰুৱাৰীৰ দিনা। বঁটা বিতৰণী অনুষ্ঠানত অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত তথা জনপ্ৰিয় শিল্পী উপস্থিত থাকিব বুলি আয়োজক সকলে জানিবলৈ দিছে। যোগাযোগৰ বাবে গুৱাহাটীস্থ কাৰ্যালয় সম্পাদক হিৰণ্য ভট্টাচাৰ্য্যৰ মোবাইল নম্বৰ হৈছে- +918876515128 / +919706263192 লগতে 9101301929 নম্বৰতো যোগাযোগ কৰিব পাৰিব।
#বাৰ্তা ডেস্ক