নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান অব্যাহত আছে৷ হোজাই আৰক্ষী জিলাৰ যমুনামুখ আৰক্ষীয়ে যোৱানিশা বৰজাৰী মাজগাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে। তথ্য অনুসৰি, যমুনামুখ আৰক্ষীয়ে সন্দেহযুক্ত বাৰ্মিজ চুপাৰি থকাৰ খবৰ লাভ কৰি নিশা বৰজাৰী মাজগাঁৱত অভিযান চলায়৷ হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত চলা এই অভিযানত গাওঁখনৰ কুদ্ৰুত আলীৰ বাসগৃহৰ পৰা সন্দেহযুক্ত ৫০ বস্তা অৰ্থাৎ চল্লিশ কুইন্টলতকৈ অধিক পৰিমাণৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰে। আৰক্ষীৰ অভিযান কালত চুপাৰি মাফিয়া কুদ্ৰুত আলীয়ে পলায়ন কৰে যদিও তেওঁৰ পুত্ৰ সমৰ আলীক আটক কৰে। জব্দকৃত চুপাৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দহ লাখ টকা হ’ব। ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
প্ৰেৰক কিশলয় দেৱ গোস্বামী