নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ পূব শোৱালনীত ড্ৰাগছসহ আটক এক

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ৰূপহীহাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ৰূপহীহাটৰ আমবাগান আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি পূব শোৱালনীত ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিয়ান৷ আৰক্ষীৰ অভিয়ানত ১০টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ আটক কৰে এজন সৰবৰাহকাৰীক৷ ধৃত সবৰাহকাৰীটোৰ নাম লিটন দাস৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১৪·৬২ গ্ৰাম৷ আৰক্ষীয়ে ধৃত লিটন দাসক অধিক তথ্যৰ বাবে জেৰা কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like