এজন বিডিঅ’ক নিলম্বন, চাকৰিৰ পৰা বর্খাস্ত দুজন কর্মচাৰী
দুর্নীতিগ্রস্তৰ বিৰুদ্ধে কঠোৰ পঞ্চায়ত গ্রামোন্নয়ন বিভাগ
নিয়মীয়া বাৰ্তা ৩ জুলাইঃ দুর্নীতিগ্রস্ত–কর্তব্য গাফিলতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে৷ শুকুৰবাৰে বিভাগটোৱে জাৰি কৰা পি আৰ ডি ১২/৬৮/২০১৯–পি আৰ ডি (বি) ৩২ নম্বৰৰ এক নির্দেশযোগে কৰিমগঞ্জ জিলাৰ দুল্লভচেৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া (বি ডি অ’) সৰোজ দাসক চাকৰিৰ পৰা নিলম্বন কৰিছে৷ খণ্ড উন্নয়ন বিষায়জনে এমজি এনৰেগা আৰু পি এম এ ৱাই জি আদি আঁচনি ৰূপায়ণত কৰা বিত্তীয় অনিয়ম–কর্তব্যত গফিলতিৰ বাবে তৎকালে বলৱৎ হোৱাকৈ এই শাস্তিমূলক ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে বিভাগটোৱে৷
ইফালে দুর্নীতি–কর্তব্যত গাফিলতিৰ অভিযোগত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্তই দুটা পৃথক নির্দেশযোগে দুজন কর্মচাৰীক চাকৰিৰ পৰা বর্খাস্ত কৰিছে৷ এই দুই কর্মচাৰী হ’ল– গোৱর্ধনা উন্নয়ন খণ্ডৰ অধীনৰ বনমাজা গাঁও পৰিষদ উন্নয়ন কমিটী (ভি চি ডি চি)ৰ গ্রাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমান আৰু বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তর্গত সত্রকনৰা গাঁও পঞ্চায়তৰ পঞ্চায়ত সমন্বয়ক (জি পি চি) প্রহ্লাদ দাস৷