নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ “ৰাজস্থানৰ ৰাজধানী জয়পুৰ যেনেদৰে পিংক চিটি হিচাপে পৰিচিত, ঠিক তাৰ আধাৰতেই বজালী জিলা সদৰ পাঠশালা পৌৰসভা আৰু টিহু পৌৰসভাক মই আহ্বান জনাইছিলোঁ ‘ৱান কালাৰ, ৱান চিটি’ – অৰ্থাৎ ‘এক নগৰ এক ৰং’ কৰাৰ বাবে আৰু পাঠশালা নগৰৰ বাবে মই নিৰ্বাচন কৰিছিলো শ্যাম ৰঙী অৰ্থাৎ পাতল নীলা ৰংটো৷ কিয়নো এই ৰংটো হৈছে এক অতি জনপ্ৰিয় ৰং, যিটো ৰঙক মনৰ প্ৰশান্তি আৰু চকুৰ বাবে আৰামদায়ক বুলি বহুতে কয়৷ সেয়েহে, পাতল নীলা ৰং বহু লোকৰে প্ৰিয়৷ এনে এক প্ৰেক্ষপটতে মোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পাঠশালা পৌৰসভাই নগৰখন অধিকাংশ ঠাই এই পাতল নীলা ৰং ব্যৱহাৰ কৰাৰ বাবে এক অভিনৱ পদক্ষেপ হাতত লৈছে৷” এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি ইংৰাজী নৱ বৰ্ষৰ প্ৰাকক্ষণত মন্ত্ৰীগৰাকীৰ পাঠশালা নগৰৰ ১নং ৱাৰ্ডৰ সেউজনগৰস্থিত বাসভৱনত বছৰটোৰ অন্তিমটো দিন উপলক্ষত স্থানীয় সাংবাদিক আৰু বিশিষ্ট লোকসকলৰ সতে এক অন্তৰংগ আলাপৰ লগতে জলপানৰ ব্যৱস্থা কৰি উক্ত মন্তব্য আগবঢ়ায়৷ বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, আৰক্ষী অধীক্ষক আজাগৰণ বসুমতাৰী, পাঠশালা পৌৰ সভাৰ বিষয়ববীয়া, বজালী জিলা বিজেপিৰ সভাপতি, অগপৰ সভাপতিকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে প্ৰতিটো সংবাদ মাধ্যমৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰা এই অন্তৰংগ অনুষ্ঠানত ইংৰাজী নৱবৰ্ষত লবলগীয়া বিভিন্ন উন্নয়নমূলক পৰিকল্পনাৰ কথা ব্যক্ত কৰি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সমূহ ৰাজ্যবাসীকে নৱবৰ্ষৰ শুভেচ্ছা জনায়৷ ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে পাঠশালা নগৰৰ এটি পথৰ শুভ উদ্বোধন কৰে, যিটো পথৰ কাষে-কাষে থকা প্ৰতিখন পকীবেৰতে পাতল নীলা ৰঙেৰে শুৱনি কৰি তোলা হৈছে৷ আনকি এই পথটোৰ কাষতেই থকা মন্ত্ৰী দাসৰ ঘৰটোৰ দেৱলতো পাতল নীলা ৰং ব্যৱহাৰ কৰিছে৷ পাঠশালা নগৰখন একৰঙী কৰি তোলাৰ আদৰ্শ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই ইয়াৰ উদাহৰণ স্বৰূপে আজি উদ্ধোধন কৰা পথটিৰ নাম “লাইট ব্লু লেন” হিচাপে নামাংকণ কৰে৷ মন্ত্ৰীগৰাকীয়ে পথটি উদ্বোধন কৰিও অনুৰূপ কথাকে ব্যক্ত কৰি পাঠশালা নগৰবাসী ৰাইজক তেওঁলোকৰ ঘৰৰ সন্মুখ ভাগ আৰু বাউণ্ডেৰী ৱালত পাতল নীলা (Light Blue) ৰং ব্যৱহাৰ কৰি পৌৰসভাৰ এই নৱ যাত্ৰাত অংশীদাৰ হবলৈ আহ্বান জনাই কয় যে আগন্তুক ২০২৫ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ‘অসম সাহিত্য সভা পাঠশালা অধিৱেশন’ৰ লগত সংগতি ৰাখি সকলোৱে মিলি পাঠশালা নগৰখনক প্ৰশান্তিৰ প্ৰতীক ৰূপে গঢ় দিয়াত যাতে নগৰবাসীৰ সহযোগিতা লাভ কৰে৷ ইয়াৰ অনুৰূপ ভাৱে, মন্ত্ৰীগৰাকীৰ আহ্বানত টিহু পৌৰসভাইও টিহু নগৰখন আইভৰি ৰঙেৰে (Ivory Color) সজাই তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে টিহুবাসী ৰাইজকো এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাবলৈ আহ্বান জনায়৷ উল্লেখ্য যে মন্ত্ৰী দাসৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ইতিমধ্যে পাঠশালা নগৰৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দেৱাল, পাঠশালা সাহিত্য সভা ভৱন আদি শ্যামৰঙী কৰি তোলা হৈছে৷
প্ৰেৰক কল্যাণ কুমাৰ কলিতা