নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক দেশ এক নিৰ্বাচন সন্দৰ্ভত গঠিত সমিতিৰ বৈঠক সম্পন্ন

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ দেশৰ লোকসভা, বিধানসভা আৰু স্থানীয় সংস্থাসমূহৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ অধ্যক্ষতাত গঠন কৰা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হয়। এটা বিবৃতিযোগে জনোৱা হয় যে এই বিষয়ত পৰামৰ্শ দিবলৈ ৰাজনৈতিক দল আৰু আইন আয়োগক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, বিৰোধী দলৰ ৰাজ্যসভাৰ প্ৰাক্তন নেতা গুলাম নবী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুভাষ কাশ্যপ আৰু প্ৰাক্তন ভিজিলেন্স আয়ুক্ত সঞ্জয় কোথাৰী উপস্থিত থাকে। দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত পৰামৰ্শ দিবলৈ স্বীকৃতিপ্ৰাপ্ত জাতীয় দল, ৰাজ্যৰ শাসকীয় দল, সংসদত প্ৰতিনিধিত্ব থকা দল আৰু অন্যান্য স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰি একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত আইন আয়োগক পৰামৰ্শ আৰু মতামতৰ বাবেও কমিটীয়ে আমন্ত্ৰণ জনাব বুলি আইন মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে এই বৈঠকত অনলাইনযোগে অংশগ্ৰহণ কৰে। বিবৃতিটোত লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী উপস্থিত নাছিল বুলি উল্লেখ কৰে। শেহতীয়াকৈ তেওঁ গৃহমন্ত্ৰী শ্বাহলৈ লিখা এখন পত্ৰত কমিটীৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছিল। লোকসভা, ৰাজ্যিক বিধানসভা, পৌৰসভাৰ সংস্থা আৰু পঞ্চায়তসমূহলৈ একেলগে নিৰ্বাচনৰ প্ৰসংগ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ আঠজনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন সন্দৰ্ভত ২ ছেপ্টেম্বৰত চৰকাৰে এক অধিসূচনা জাৰি কৰিছিল। চৰকাৰে কৈছে যে এক জাতি, এক নিৰ্বাচনে জনসাধাৰণৰ ধন ৰাহি কৰিব আৰু প্ৰশাসনিক ব্যৱস্থা আৰু নিৰাপত্তা বাহিনীৰ ওপৰত বোজা কমাই দিব। ইয়াৰ দ্বাৰা প্ৰশাসনিক যন্ত্ৰই নিৰ্বাচনী কাৰ্যসূচীৰ পৰিৱৰ্তে অন্যান্য কামত সময় কৰিব পাৰিব বুলিও কোৱা হৈছে।

You might also like