একেদিনাই ২৯,৭০১ শিক্ষকক নিযুক্তিঃ এবছৰত ৫০ হাজাৰক চাকৰিৰ লক্ষ্য পূৰণ নিযুক্তিৰ ইতিহাসত নৱজাগৰণৰ সূচনা
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ৰাজ্যত নিযুক্তিৰ ক্ষেত্রত ইতিহাস সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আজি এটা দিনতে ২৯,৭০১গৰাকী শিক্ষকক প্রদান কৰিলে নিযুক্তি–পত্র৷ সৰুসজাই ষ্টেডিয়ামত চৰকাৰৰ এই সর্ববৃহৎ নিযুক্তি সমাৰোহত ১৬,৮৪৮গৰাকী শিক্ষকক প্রাদেশিকীৰণৰ জৰিয়তে আৰু ১৩,২১৭গৰাকী টেট উত্তীর্ণক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে নিযুক্তি–পত্র বিতৰণ কৰে৷ ৰাজ্যৰ দীঘলীয়া ইতিহাসত এক নজিৰ স্থাপন কৰি আজি প্রদান কৰা এই নিযুক্তিৰ জৰিয়তে বিদ্যালয়ত শিক্ষকৰ নাটনি দূৰ কৰি শিক্ষাৰ এক গতিশীল বাতাৱৰণ সূচনা কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে৷ নিযুক্তি–পত্র প্রদান কৰি মুখ্যমন্ত্রীৰ আহ্বান– শিক্ষকসকলে নিজৰ আসনখনৰ গৰিমা অটুট ৰাখিব লাগিব৷ কোনো কাৰণতে যাতে শিক্ষকৰ মর্যাদাসম্পন্ন আসনখনৰ গৰিমা হ্রাস নহয়, তাৰ বাবে শিক্ষক সমাজে সদায়ে সচেষ্ট হ’ব লাগিব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ শিক্ষাখণ্ডত সর্ববৃহৎসংখ্যক শিক্ষক নিযুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰখনে অসমৰ সামগ্রিক শৈক্ষিক উত্তৰণৰ বাবে যে নিষ্ঠা সহকাৰে কাম কৰি আহিছে, সেয়া পুনৰ প্রতীয়মাণ হ’ল৷ চলিত বছৰৰ ভিতৰত ৫০ হাজাৰ যুৱক–যুৱতীক নিযুক্তি দিয়া হ’ব বুলি ৰাজ্য চৰকাৰে যি ঘোষণা কৰিছিল, তাক আজি শিক্ষা বিভাগে বাস্তৱায়িত কৰিলে৷
বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ জৰিয়তে নিযুক্তি লাভ কৰা শিক্ষকসকলৰ উপৰি মেধাৰ ভিত্তিত টেট উত্তীর্ণ শিক্ষকসকলে সম্পূর্ণ স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে শিক্ষা বিভাগৰ এই পদক্ষেপৰ বাবে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে কয়– শিক্ষাগুৰুসকল যদি সদায় সন্মানেৰে আসনত উপৱিষ্ট হৈ থাকে, তেতিয়াহে সমাজৰ সংস্কাৰ সম্ভৱ হয়৷ শিক্ষকতাৰ দৰে মর্যাদাসম্পন্ন বৃত্তি আৰু শিক্ষকৰ গৰিমা যাতে সদায় অটুট থাকে, তাৰ বাবে শিক্ষকসকল সচেষ্ট হ’ব লাগিব৷ উচ্চ শিক্ষা গ্রহণৰ বাবে পর্র্যাপ্ত শিক্ষানুষ্ঠানৰ অভাৱত ৰাজ্যৰ বহুসংখ্যক বিদ্যালয়ত মেধাৱী ছাত্র–ছাত্রীয়ে পূর্বতে ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে এই কথা অনুধাৱন কৰি ৰাজ্যখনত উচ্চ শিক্ষাৰ নতুন নতুন প্রতিষ্ঠান গঢ় দিছে৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্রান্তত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, কেইবাখনো বিশ্ববিদ্যালয়, এইমছ আদি স্থাপন কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে আজি নিযুক্তপ্রাপ্ত প্রতিগৰাকী শিক্ষকক কর্মক্ষেত্রত নিজৰ যোগ্যতা আৰু দক্ষতা প্রমাণ কৰিবলৈ আহ্বান জনায়৷ যাতে জীৱনৰ যিকোনো প্রতিযোগিতাতে বিফলতাৰ মুখ দেখিব নলগাকৈ ছাত্র–ছাত্রীসকলক গঢ় দিব পৰা যায়৷
অনুষ্ঠানত ভাষণ প্রদান কৰি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– আজিৰ দিনটো গৌৰৱ, আনন্দ প্রাপ্তিৰ দিন৷ ২০–২৫ বছৰৰ সাধনা, ত্যাগ আৰু কষ্ট স্বীকাৰ নকৰিলে এটা সময়ত অসমত শিক্ষক হোৱা আৰু চৰকাৰী শিক্ষক হিচাপে দৰমহা লাভ কৰাটো একপ্রকাৰ অসম্ভৱ আছিল৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত এই স্থিতাৱস্থাৰ অৱসান ঘটাই ৰাজ্যখনৰ শিক্ষাৰ লগতে শিক্ষকক নিযুক্তিৰ এক গুণগত পৰিৱর্তন আনিবলৈ বর্তমানৰ চৰকাৰখন সফল হৈছে৷ অসমৰ নতুন প্রজন্মক জ্ঞান আৰু প্রজ্ঞাৰে আলোকিত কৰাৰ দায়িত্ব চৰকাৰৰ বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে আজি ৰাইজক শিক্ষানুষ্ঠান স্থাপন নকৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়– শিক্ষা বিভাগত এটা সময় আছিল যে ৰাইজে বিদ্যালয় স্থাপন কৰিছিল আৰু এই বিদ্যালয়সমূহ প্রাদেশিকীকৰণৰ বাবে ৰাইজে ৰাজনৈতিক নেতাৰ পিছে পিছে দৌৰিব লগা হৈছিল৷ এই পৰম্পৰাক আগুৱাই নি আন এচাম ব্যক্তিয়ে বিদ্যালয় স্থাপন কৰি গৈছিল৷ বহু যুৱক–যুৱতীয়ে এই বিদ্যালয়সমূহ প্রাদেশীকৃত হ’ব বুলি এক দীঘলীয়া সময় পাৰ কৰিছিল৷ এই পৰিৱেশ যিসকল লোকে সৃষ্টি কৰিছিল, তেওঁলোকে আজি ইয়াৰ দায়িত্ব নলয়৷ মই বিশ্বাক কৰোঁ– শিক্ষা আৰু স্বাস্থ্য সেৱাৰ বিকাশ ৰাজ্য চৰকাৰৰ মূল দায়িত্ব৷ শিক্ষা–স্বাস্থ্যক জনসাধাৰণৰ দুৱাৰডলিলৈ লৈ যোৱাটো চৰকাৰৰ মৌলিক দায়িত্ব৷ এই দায়িত্ব প্রতিখন চৰকাৰৰ ওপৰত ন্যস্ত হৈ থাকে৷ স্বাধীনতাৰ পাছত বিদ্যালয়, মহাবিদ্যালয় স্থাপন কৰাৰ দায়িত্ব আছিল চৰকাৰৰ৷ কিন্তু চৰকাৰে এই দায়িত্ব নোলোৱা বাবে বাৰে বাৰে প্রাদেশীকৃত কৰাৰ পাছতো বহু বিদ্যালয়, শিক্ষক প্রাদেশিকীকৰণৰ পৰা বঞ্চিত হৈছে৷ যিসকলে প্রাদেশিকীকৰণৰ দায়িত্বৰ পৰা আঁতৰি আছিল, সেইসকলে আমাক এই সমস্যাৰ সন্মুখত থিয় কৰাই থৈ দিছে৷ ২০১১ চনত যেতিয়া মই শিক্ষামন্ত্রীৰ দায়িত্ব লৈছিলোঁ, মই সংকল্প লৈছিলোঁ যে শিক্ষা আৰু শিক্ষক নিযুক্তিত গুণগত পৰিৱর্তন হ’ব লাগে আৰু শিক্ষকসকলে নিজৰ দায়িত্ব ল’ব লাগে৷ বিদ্যালয়–মহাবিদ্যাল্ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ৷ শিক্ষক হিচাপে নিযুক্তি লাভ কৰা প্রথম দিনটোৰ পৰাই শিক্ষকসকলে দৰমহা পাব আৰু ইয়াৰ বাবে কোনো ৰাজনৈতিক ব্যক্তিৰ ভৰি চুব নালাগে৷ এক দীঘলীয়া সময় অতিক্রম কৰাৰ পাছত আমি তেনে এক পৰিৱেশ লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ হয়তো এটা বছৰৰ পাছত প্রাদেশীকৃত কৰিব লগা শিক্ষক নোহোৱা হ’ব৷ মই অসমৰ ৰাইজক বিশেষকৈ একাংশ উৎসাহী ৰাইজক এই মঞ্চৰ পৰাই বিনম্রতাৰে আহ্বান জনাওঁ যে আপোনালোকে আৰু শিক্ষানুষ্ঠান স্থাপন নকৰিব৷ আপোনালোকৰ অঞ্চলত যদি বিদ্যালয়–মহাবিদ্যাল্ প্রয়োজন, সেয়া চৰকাৰে স্থাপন কৰিব৷
২০০৬ চনৰ পাছত কোনো শিক্ষানুষ্ঠানকে চৰকাৰে প্রাদেশিকীকৰণ নকৰে৷ ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– বিদ্যালয় প্রাদেশিকীকৰণৰ জৰিয়তে আজি বৃহৎসংখ্যক শিক্ষকক নিযুক্তি প্রদানৰ পাছতো বহু শিক্ষক এই নিযুক্তিৰ আওতাৰ পৰা বাদ পৰিছে৷ ৰাজ্য চৰকাৰে এগৰাকী শিক্ষকো যাতে প্রাদেশিকীকৰণ নোহোৱাকৈ ৰৈ নাযায়, তাৰ বাবে পদক্ষেপ গ্রহণ কৰিব৷ অহা ১০–১৫ দিনৰ ভিতৰত ৰাজ্যখনত আৰু ৫ হাজাৰ শিক্ষকক নিযুক্তি প্রদান কৰা হ’ব৷ তদুপৰি চৰকাৰে প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয়, প্রতিটো ব্লকতে একোখন মহাবিদ্যালয় আৰু প্রতি এক কিলোমিটাৰৰ অন্তৰে অন্তৰে একোখনকৈ প্রাথমিক বিদ্যালয় স্থাপন কৰিব৷ ২০১৬ চনৰ পৰা বর্তমানলৈকে এই পাঁচ বছৰীয়া কার্যকালত চৰকাৰখনে ৭১,৭৬৫গৰাকী শিক্ষকক নিযুক্তি প্রদান কৰাৰ কথা উল্লেখ কৰি ড০ শর্মাই কয়– আজি যিসকলে নিযুক্তি লাভ কৰিছে, এই সকলোৱে মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে৷ বিদ্যালয় প্রাদেশিকীকৰণৰ জৰিয়তে আজি নিযুক্তিপ্রাপ্ত যিসকল শিক্ষকৰ অৱসৰলৈ মাথোন কেইটামান বছৰহে বাকী আছে, তেওঁলোকে ভৱিষ্যৎ জীৱনক লৈ কোনো সংশয়ত ভুগিব নালাগে৷ ৰাজ্য চৰকাৰে গ্রহণ কৰা এই সিদ্ধান্তৰ জৰিয়তে এইসকল শিক্ষকেও ৰাষ্ট্রীয় পেন্সন আঁচনিত নিজৰ নাম পঞ্জীয়ন কৰাৰ পাছত অৱসৰৰ দিনাই গ্রেছুইটী হিচাপে নূ্যনতম ১০ লাখ টকাকৈ লাভ কৰিব৷
উল্লেখ্য যে আজি টেট উত্তীর্ণ ১৩,২১৭গৰাকী শিক্ষকৰ ভিতৰত ৪,৪৯৩গৰাকী নিম্ন প্রাথমিক বিদ্যালয়ত, ২,১৩৯গৰাকী উচ্চ প্রাথমিক বিদ্যালয়ত, মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত বিজ্ঞান শাখাত ১,৩২৭গৰাকী, কলা শাখাত ২,৮৩৬গৰাকী আৰু সর্বশিক্ষাৰ অধীনত ২,৩৯৫গৰাকীয়ে নিযুক্তি লাভ কৰিছে৷ আনহাতে, প্রাদেশীকৃত ১৬,৪৮৪গৰাকী শিক্ষকৰ ভিতৰত ৯,৮৯৫গৰাকী প্রাথমিক পর্যায়ত, ৪,৯৯৬গৰাকী মাধ্যমিক পর্যায়ত আৰু ১,৫৯৩গৰাকী উচ্চ শিক্ষা পর্যায়ত নিযুক্তি লাভ কৰিছে৷ আজিৰ অনুষ্ঠানত ৰাজ্যিক শিক্ষামন্ত্রী ভবেশ কলিতায়ো ভাষণ প্রদান কৰে৷ উচ্চ শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, শিক্ষা বিভাগৰ সচিব তথা ৰাষ্ট্রীয় উচ্চতৰ শিক্ষা অভিযান, অসমৰ সঞ্চালক দীপক মজুমদাৰ, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক গীতিমণি ফুকন, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাই আৰু প্রাথমিক শিক্ষা বিভাগৰ সঞ্চালক ড০ বিজয়া চৌধুৰীকে ধৰি শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷