নিয়মীয়া বাৰ্তা, ২৭ জুনঃ শ্বেট্টী আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ আদেশ সম্পূর্ণভাৱে কাৰ্য্যকৰী নকৰাৰ প্ৰতিবাদত আৰু ১২ দফীয়া দাবী ৰূপায়ণৰ দাবীত আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো ন্যায়িক আদালতৰ কৰ্মচাৰীসকলে এদিনীয়া কৰ্মবিৰতি কাৰ্য্যসূচী পালন কৰে। ক্ষুব্ধ কৰ্মচাৰীসকলে তেওঁলোকৰ দাবীসমূহ ৰূপায়ণৰ দাবীত ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয় সন্মুখৰ ৰাজপথত হাতে হাতে প্লেকাৰ্ড লৈ এক প্ৰতিবাদী কাৰ্য্যসূচীও ৰূপায়ণ কৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী