নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মেট্ৰ’ত ডিজিটেল শস্য সমীক্ষা সন্দৰ্ভত এদিনীয়া প্ৰশিক্ষণ 

বিশেষ বাৰ্তা, ৩ আগষ্ট : কৃষকসকলৰ সামগ্ৰিক কল্যাণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘ডিজিটেল শস্য সমীক্ষা’ (Digital Crop Survey) আঁচনিৰ অধীনত অসমৰ ২৯খন জিলাৰ লগতে কামৰূপ মেট্ৰ’ জিলাতো ১৬ আগষ্টৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে প্ৰতিখন গাঁৱত ডিজিটেল সমীক্ষা কাৰ্য সম্পন্ন হ’ব। কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ-২০২৪ৰ সন্দৰ্ভত আজি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উলুবাৰীস্থিত অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ অভিকৰণ সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত গুৱাহাটী, দিছপুৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ সমীক্ষক, পৰ্যবেক্ষক আৰু নিৰীক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি ৰাজ্যিক বীজ প্ৰমাণীকৰণ অভিকৰণ সঞ্চালক মধুৰাম পাটিৰীয়ে শস্য সমীক্ষাত নিয়োজিত সমীক্ষক, পৰ্যবেক্ষক আৰু নিৰীক্ষকসকলৰ সৈতে মত বিনিময় কৰে। ইতিমধ্যে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ডিজিটেল শস্য সমীক্ষা আৰম্ভ হোৱাৰ কথা উনুকিয়াই পাটিৰীয়ে কয় যে তেওঁলোকে পাৰিছে যিহেতু আমিও নিশ্চয়কৈ পাৰিম। প্ৰথমে অলপ কঠিন হ’ব পাৰে যদিও বেছি চিন্তাম্বিত আৰু হতাশ নহৈ সুন্দৰকৈ নিজৰ কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে গাঁৱে গাঁৱে গৈ কৃষকসকলক কেনেদৰে বুজনি দি মাটিডৰা তথা শস্য সমীক্ষাৰ তথ্য আহৰণৰ কাম কৰিব লাগিব, সেই বিষয়ে কিছু আলোচনা কৰে। ইপিনে, আজিৰ প্ৰশিক্ষণত উপস্থিত থাকি কামৰূপ মেট্ৰ’ৰ সহকাৰী আয়ুক্ত আই এ এছ বিষয়া আদিত্য প্ৰতাপ সিঙে ডিজিটেল শস্য সমীক্ষাৰ প্ৰয়োজনীয়তা, ইয়াৰ জৰিয়তে কৃষক ৰাইজে কেনেধৰণে উপকৃত হ’ব, কেনেকৈ বেংকৰ লোন আদি পোৱাত সুবিধা হ’ব ইত্যাদি বিষয়ত আলোচনা কৰাৰ লগতে সকলোৱে এই মিছনৰ একোজন সৈনিক বুলি প্ৰকাশ কৰে। নিৰ্ধাৰিত সময়ৰ ভিতৰত নিয়াৰিকৈ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তেওঁ আহ্বান জনায়। মহকুমা কৃষি বিষয়া শংকৰ দত্তই আঁত ধৰা প্ৰশিক্ষণ কাৰ্যসূচীত সমীক্ষা চলোৱা সময়ত হ’ব পৰা সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে নিয়োজিত বিষয়াসকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে কামৰূপ মেট্ৰ’ প্ৰশাসনৰ উপস্থিত আন দুগৰাকী সহকাৰী আয়ুক্ত ক্ৰমে ৰিচিবন্দনা গগৈ আৰু মনোজ দত্তই। মহকুমা কৃষি বিষয়া শংকৰ দত্ত আৰু মৌচুমী হাজৰিকা ভূঞাৰ লগতে মাষ্টাৰ ট্ৰেইনাৰসকলে জৰীপ প্ৰক্ৰিয়াত জৰীপকৰ্তা হিচাপে অংশগ্ৰহণ কৰিবলগীয়া বিষয়ববীয়াসকলক তেওঁলোকৰ কৰণীয় আৰু জৰীপৰ সকলো দিশ বিশদভাৱে বুজাই দিয়ে। উল্লেখনীয় যে কামৰূপ মেট্ৰ’ জিলাৰ সোণাপুৰতো মাষ্টাৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ লোৱা কেইবাজনো কৃষি বিষয়াৰ উপস্থিতিত আজি আন এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। কাইলৈ আজাৰাত একেই ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

You might also like