ক’ভিড–১৯ সোমবাৰে অসমত এজনৰ মৃত্যু, আক্রান্ত ১৬৯জন
নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ৰাজ্যখনত ক’ভিডৰ ধাৰাবাহিক সংক্রমণ এতিয়াও অব্যাহত আছে৷ সোমবাৰৰ দিনটোতো ৰাজ্যখনত এগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি, সোমবাৰে ডিব্রুগড়ৰ যশোৱান কৌৰ (৮৫)ৰ মৃত্যু ঘটে৷ মন্ত্রী ড০ শর্মাই বৰুৱাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷
সোমবাৰে মৃত্যুবৰণ কৰা লোকজনকে ধৰি ৰাজ্যখনত এতিয়ালৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৫গৰাকীলৈ বৃদ্ধি পালে৷ ইপিনে, সোমবাৰৰ দিনটোত ৰাজ্যখনত ১৬৯গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ৫৬গৰাকী গুৱাহাটী মহানগৰীৰ৷ সোমবাৰে ৰাজ্যখনত ২৫,২২৫গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ০.৬৭ শতাংশ৷ ৰাজ্যখনত এতিয়ালৈ মুঠ ২,১১,৬৮২গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ২,০৭,৫২৫গৰাকী লোক সুস্থ হৈ ইতিমধ্যে ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷
বর্তমান বিভিন্ন হাস্পতালত ৩,১৭৯গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৯৮.০২ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১.৫১ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৬ শতাংশ৷