নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ১২৬ সমষ্টিত সাত মাহত বৃদ্ধি ৭৬,০২০ ভোটাৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ শেহতীয়াকৈ প্রকাশ কৰা খচৰা ভোটাৰ তালিকাৰ পিছত উত্থাপিত দাবী–আপত্তিসমূহ সোনকালে নিষ্পত্তি কৰাৰ বাবে ক্ষিপ্রতাৰে পদক্ষেপ গ্রহণ কৰিব ৰাজ্যৰ নির্বাচন বিভাগে৷  জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা অৱগত কৰে মুখ্য নির্বাচন বিষয়া নীতিন খাৰে৷

তেওঁ জনোৱা মতে, খচৰা ভোটাৰ তালিকাত যিসকল ভোটাৰৰ ফটো সংলগ্ন হোৱা নাই, সেইসকল ভোটাৰৰ ফটো সংলগ্ন কৰি অতি সোনকালে চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব৷

আনহাতে, ভোটাৰ তালিকাত নাম সংশোধন, নাম কর্তন, ভোটকেন্দ্র সালসলনিৰ ক্ষেত্রত অহা ১৮ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব৷ তদুপৰি অনলাইনযোগেও ব্যক্তিসকলে তেওঁলোকৰ দাবী–আপত্তিসমূহ দাখিল কৰিব পাৰিব৷

উল্লেখ্য যে শেহতীয়াকৈ প্রকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি, ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,২৪,৩৯,৫২২গৰাকী৷ আনহাতে, মুঠ ভোটগ্রহণ কেন্দ্র হ’ল ২৮,২০৫টা৷ নতুনকৈ সংযোজন কৰা হৈছে ৬২টা ভোটগ্রহণ কেন্দ্র৷ চলিত বর্ষৰ ফেব্রুৱাৰী মাহত প্রকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাৰ বিপৰীতে এইবাৰ খচৰা ভোটাৰ তালিকাত ৭৬,০২০গৰাকী ভোটাৰ বৃদ্ধি পাইছে৷

নির্বাচনী বিষয়াগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত সজাগতা বৃদ্ধিৰ বাবে প্রতিখন জিলাত শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত কৰা হ’ব বিশেষ সজাগতা অভিযান৷ আনহাতে, দাখিল কৰা দাবী–আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব অহা বর্ষৰ ৫ জানুৱাৰীত৷ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’ব ১৫ জানুৱাৰীত৷

You might also like