বিশেষ বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ভালুকপুঙত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহী থিতাতে নিহত হয়। ভালুকপুং দিশৰ পৰা বালিপৰাৰ দিশে আহি থকা ভাৰতীয় সেনা বাহিনীৰ এম্বুলেন্সৰ সৈতে বিপৰীত দিশৰ পৰা গৈ থকা এখন মটৰচাইকেলৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত মটৰচাইকেল আৰোহী ৰাজ কুমাৰ ৰাভা নামৰ এজন যুৱক থিতাতে নিহত হয়। অসম অৰুনাচল সীমান্তৰ ভালুকপুঙৰ নিগমত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। ভাৰতীয় সেনাৰ ৪৪৭ ইউনিটৰ এম্বুলেন্সৰ i8k011577A খুন্দাত যুৱকজন দুৰ্ঘটনাত পতিত হয় আৰু পথৰ ওপৰতে নিহত যুৱকজন পৰি ৰয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছত চাৰিদুৱাৰ আৰক্ষী আৰু সেনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি অনাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখন জব্দ কৰি চাৰিদুৱাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
প্ৰেৰক হিমাংশু শইকীয়া