নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক মাহৰ বিল আহিল ৮ লক্ষাধিক টকা

নগাঁৱত বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাঃ গ্রাহকক হাৰাশাস্তি

নিয়মীয়া বাৰ্তা ১৩ জুনঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এজন ঘৰুৱা গ্রাহকলৈ প্রেৰণ কৰা এখন বিদ্যুতৰ বিল দেখিলে সকলোৰে চকু কপালত উঠ্বি৷ নগাঁও চহৰৰ খুঁটিকটীয়া নিৱাসী চেনিৰাম শইকীয়া নামৰ লোকজনৰ ঘৰলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এটা মাহৰ বিল প্রেৰণ কৰিছে ৮ লাখ ৪৮ হাজাৰ ৫৬৮ টকা৷ গ্রাহকজনৰ উপভোক্তা নম্বৰ হৈছে ৫১০০০০১৬৩৯৭৷ বিলখনৰ মাচুল প্রদানৰ তাৰিখ উল্লেখ আছে অহা ২৪ জুন৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে কালি মবাইল ফোনৰ জৰিয়তে প্রেৰণ কৰিছে এই বিদ্যুতৰ বিলখন৷
উল্লেখযোগ্য যে চেনিৰাম শইকীয়াৰ পুত্র তথা নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়াই কয় যে আমি নিয়মীয়াভাৱে বিদ্যুতৰ মাচুল পৰিশোধ কৰি আছোঁ৷ লক ডাউনৰ সময়ছোৱাত হোৱা বিদ্যুতৰ মাচুলৰ বিনিময়ত মে’ মাহৰ শেষৰ পিনে আমি প্রায় ৬ হাজাৰ টকা বিদ্যুৎ মাচুল পৰিশোধ কৰিছিলোঁ৷ শেহতীয়াকৈ পুনৰ ৮ লাখৰো অধিক ধন বিদ্যুৎ মাচুল হিচাপে অহাত আমি আচৰিত হৈছেছা৷ বিদ্যুৎ বিভাগৰ একাংশ কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এনেধৰণৰ এটা অদ্ভুত অংকৰ বিদ্যুৎ মাচুল গ্রাহকলৈ আহিছে৷ এ পি ডি চি এলে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা এই আসোঁৱাহসমূহ দূৰ কৰ্বিলৈ আমি ছাত্র সন্থাৰ মজিয়াৰ পৰা সকীয়াই দিছোঁ৷

You might also like