নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত দুৰ্ঘটনাত এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত ভয়ংকৰ পথ দুৰ্ঘটনা। AS-21K-5125 নম্বৰৰ এখন তীব্ৰবেগী পালছাৰ বাইকে বৰছলাত পথৰ দাঁতিত থকা এটা পকা খুঁটাত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। পিছত বাইকসহ লোকজন ওচৰতে থকা খেতিপথাৰৰ পানীত ছিটিকি পৰে। ইফালে, স্থানীয় লোকে লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, ঘটনাস্থলীত বৰছলা পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম বৰুৱা উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে। মৃত লোকজন নগাবন্ধা অঞ্চলৰ তাৰিকুল ইছলাম বুলি জানিব পৰা গৈছে।

প্ৰেৰক আবুল কালাম

You might also like