অসমত আৰু এজন লোক ক’ৰোনাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ পুনৰ বৃদ্ধি পালে ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে দিনত ৪ জন লোক ক’ৰোনা আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাছতে নিশা ৯.২০ বজাত পুনৰ নতুনকৈ ১ জন লোক COVID-19 ত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে । নতুনকৈ আক্ৰান্ত হোৱা লোকজন কৰিমগঞ্জ জিলাৰ। ইয়াৰ লগে লগে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পালে । টুইটাৰযোগে এই কথা জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Alert ~ One person from Karimganj, secondary contact of a #NizamuddinMarkaz attendee, has tested positive for #COVID19.
Total #COVID19 patients in Assam now stands at 42. (29 are discharged, 1 death, so active hospital cases 12.)
Update at 9.20 pm / April 30#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) April 30, 2020