এজন শিক্ষকেই চলাইছে ৫৩ শিক্ষাৰ্থী থকা এখন বিদ্যালয়
বিশেষ বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : অসম চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো উন্নত হোৱা বুলি দম্ভালি মাৰি থকাৰ সময়তে পোহৰলৈ আহিছে শিক্ষা বিভাগে এলাগী কৰি ৰখা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। চৰকাৰ তথা শিক্ষা বিভাগে এলাগী কৰি ৰখা এখন প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খন তিনিচুকীয়া জিলাৰ বৰ্তমান নৱগঠিত মাকুম সমষ্টিৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত বজালনী নগাঁৱস্থিত এক মাত্ৰ শিক্ষানুষ্ঠান বজালনী নগাঁও প্ৰাথমিক বিদ্যালয়। ১৯৮২ চনতে স্থাপিত হোৱা বিদ্যালয়খনত আৰম্ভণিতে আছিল দুজন শিক্ষক, তাৰে ভিতৰত বিগত বর্ষত বিদ্যালয়ৰ খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছতে চলিত বৰ্ষতে দ্বিতীয় জন শিক্ষকেও অৱসৰ গ্ৰহণ কৰে। দুয়োগৰাকী শিক্ষক অৱসৰ গ্ৰহণ কৰাত বৰ্তমান সহ শিক্ষক হিচাপে অন্য বিদ্যালয়ৰ পৰা আহি দিলিপ উৰাঙে অকলেই ৫৩গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই আহিছে৷ বৰ্তমান সময়ত দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালৰ ছাত্ৰছাত্ৰীয়ে অধিকাংশ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আহিছে৷ এনে এক শ্ৰেণীৰ লোক আছে যিসকলে সন্তানক চহৰ মুখী কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰোৱাবলৈ আকাশত চাং পতাৰ দৰে কথা। তেনেস্থলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ সন্তানক পঢ়ুৱাব কোনে ? এখন চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ বাবেই এইসকল ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ যে দৈনিক অন্ধকাৰলৈ গতি কৰি আছে এই কথা প্ৰায় নিশ্চিত হৈ পৰিছে। স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি, এই বিদ্যালয় খনৰ শিক্ষক নিযুক্তিৰ বাবে বিদ্যালয়খনৰ উৰ্ধতম কৰ্তৃপক্ষই ওপৰ মহলত বাৰম্বাৰ অনুৰোধ কৰি আহিছে। ছাত্ৰছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিভাগীয় কতৃপক্ষক বাৰম্বাৰ যোগাযোগ কৰাৰ পাছটো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বিষয়েটোৱে সকলোকে চিন্তিত কৰি তুলিছে। লগতে শিক্ষা বিভাগে এই ঐতিহ্যমণ্ডিত বিদ্যালয় খন বন্ধ কৰি বজালনী নগাঁও আৰু লাইনা দুখনকৈ গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা জীৱনৰ ভৱিষ্যতটো কলিতে মৰহি যোৱাৰ আভিসন্ধি ৰচিছে তাকেলৈ গাঁও খনৰ ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে। তাৰোপৰি বিদ্যালয়খনৰ কাষতে লাগি থকা এটা অংগনবাড়ি কেন্দ্ৰ দেখিলে চকু কপালত উঠিব। কেন্দ্ৰটোৰ অৱস্থা একেবাৰে শোচনীয়, টিঙৰ ফুটাদি আকাশ দেখি থকাৰ লগতে এজাক বৰষুণ দিলেই কেন্দ্ৰটোৰ সহায়িকা সকলে পানীৰ ওপৰত কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক পাঠদান দিব লগীয়া হয়। কেন্দ্ৰটো আজিপৰ্য্যন্ত মেৰামতি বা আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ ইটাখুলি উন্নয়ন খণ্ডৰ লগতে লাংকাছি গাঁও পঞ্চায়তে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। চলাব লাগে কাৰণেই যেন চলি আছে মাথোঁ এই দুয়োখন শিক্ষানুষ্ঠান। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডা° ৰনোজ পেগুলৈ স্থানীয় ৰাইজ, বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে দুখনকৈ গাঁৱৰ ছাত্র-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ ৰাখি অনতিপলমে এই বিদ্যালয়খনত শিক্ষক নিযুক্তি ব্যৱস্থা কৰাৰ লগতে উক্ত অংগনবাড়ি কেন্দ্ৰৰ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷
প্ৰেৰক বিবেক বড়া