নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত এজন সন্ত্ৰাসবাদী

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত হয় এজন সন্ত্ৰাসবাদী। শোপিয়ান জিলাৰ কাটোহলান অঞ্চলত নিশা সংঘটিত হয় এই মুখামুখি। সন্ত্ৰাসবাদীজনৰ পৰা অস্ত্ৰ-শস্ত্ৰকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। আৰক্ষীয়ে মৃত সন্ত্ৰাসবাদীজনক মাইছাৰ আহমেদ দাৰ বুলি চিনাক্ত কৰিছে, যিজনে শেহতীয়াকৈ লস্কৰ প্ৰক্সি টি আৰ এফত যোগদান কৰিছিল। স্থানীয়, শ্বোপিয়ানৰ ভেশ্ৰ’ৰ বাসিন্দা আৰু এই এনকাউণ্টাৰত নিহত হয়। মাত্ৰ এসপ্তাহ পূৰ্বে তেওঁ সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছিল। বৰ্তমান অনুসন্ধান অভিযান চলি আছে। কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিছে। কাশ্মীৰ মণ্ডল আৰক্ষীৰ মতে, এই এনকাউণ্টাৰ শ্বোপিয়ানৰ কাটোহলান অঞ্চলত সংঘটিত হৈছে। অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি থকা বুলি সেনাই ইনপুট লাভ কৰিছিল। ইয়াৰ ওপৰত সেনা-আৰক্ষীয়ে বেৰিকেড সৃষ্টি কৰে আৰু সন্ত্ৰাসবাদীয়ে জোৱানৰ গতিবিধি দেখাৰ লগে লগে গুলীচালনা আৰম্ভ কৰে। উপযুক্ত উত্তৰ দি নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন টি আৰ এফৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীক হত্যা কৰা হয়। যোৱা সপ্তাহৰ আৰম্ভণিতে শ্ৰীনগৰৰ ইদগাহত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত আহত হয় জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন পৰিদৰ্শক। তথ্য দিওঁতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ইদগাহৰ সমীপত পৰিদৰ্শক মাছৰূৰ আহমেদৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰা বুলি জনাইছিল। এই আক্ৰমণৰ দায়িত্ব লৈছিল টি আৰ এফ-লস্কৰে।

#বাৰ্তা ডেস্ক

You might also like