নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্মন্তুদ : কন্যাৰ সমাধিতেই পালন এবছৰীয়া জন্মদিন

বিশেষ বাৰ্তা, ১১ জুলাইঃ ৰঙীন পৃথিৱীখনৰ সৌন্দৰ্য সুষমা সুন্দৰভাৱে উপভোগ কৰাৰ পূৰ্বে নিয়তিৰ কৰালগ্ৰাসত দূৰ দিগন্তলৈ গুচি গল তাই। আজি তাইৰ আছিল জীৱনত প্ৰথম জন্মদিন। জন্মদিনৰ শুভ মুহূৰ্তত আপোনজনৰ সৈতে আনন্দ কৰাৰ সলনি তাইৰ পৰিয়ালে সমাধিস্থ স্থানতেই অশ্ৰুসিক্ত নয়নেৰে পালন কৰিবলগীয়া হল জন্মদিনটো। নিয়তিৰ কি কৰুণ পৰিহাস। এবছৰীয়া জন্মদিন পালনৰ বাবে ককাকে অতি হেঁপাহৰে আনি ৰখা কেকটো তাই নিজ হাতে কটাৰ সলনি পিতৃ মাতৃ আৰু আপোন জনে হিয়াঢাকুৰি কান্দি কান্দি তাইক স্মৰণ কৰি সমাধিস্থলীত পালন কৰিবলগীয়া হল শুভ জন্মদিনটো। কন্যাক হেৰুৱাই কান্দি কান্দি বাউলী হোৱা মাকে সমাধিত গাখীৰ ঢালি কেক কাটি কণমানিজনীক অৰ্পণ কৰি জন্মদিন পালন কৰা দৃশ্য আছিল মৰ্মন্তুদ। কণমানিজনীৰ জন্মদিনটো তাইৰ সমাধিত থকা সকলোৰে পৰা মাকে এটাই আৰ্শীবাদ বিচাৰিলে তাই যেন আকৌ পুনৰ জনম লৈ উভতি আহে মাকৰ বুকুৰ মাজলৈ। চিকিৎসক,নাৰ্চক ভগৱান বুলি কোৱা হয় যদিও কোনোজন কেতিয়াবা কিমান পাষাণ হব পাৰে তাৰেই যেন অন্তৰ্স্পৰ্শী বেদনা বিভুৰ পৰিৱেশৰ আজি সৃষ্টি হল যোৰহাটৰ শুৱনি গাঁৱৰ ৰাজহুৱা স্মশানত। যোৰহাটৰ মাছৰহাটৰ মঞ্জীত দাস আৰু শিবানি দাসৰ এবছৰীয়া কন্যা আছিল আয়ুশ্ৰী। কেইদিনমানৰ পূৰ্বে তাই আক্ৰান্ত হৈছিল জ্বৰত। পৰিয়ালে ভৰ্তি কৰাকে যোৰহাট মেডিকেল কলেজ হস্পিটেলত। ক্ৰমাৎ সুস্থ হৈ উঠিছিল তাই। কালি হস্পিটেলৰ পৰা তাইক ৰিলিজ দিয়াৰ কথা। ইফালে আজি কণমানি আয়ুশ্ৰীৰ আছিল এবছৰীয়া জন্মদিন। পৰিয়ালৰ সকলো উৎসাহিত হৈ আছিল আয়ুশ্ৰীৰ প্ৰথম জন্মদিনটো আনন্দ উল্লাহৰে পালন কৰিব। কিন্তু কালি এগৰাকী নাৰ্চ যেন নিয়তিৰ ৰূপত আহিছিল তাইৰ কাষলৈ। পুৱা নাৰ্চগৰাকীয়ে দিয়া এটা বেজীৰ পিছতেই তাই ঢলি পৰিল নিয়তিৰ কোলাত। তাৎক্ষণিক ভাবে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ আই চি ইউত কণমানিজনক ভৰ্তি কৰোৱা হয় যদিও মৃত ঘোষণা কৰা হল। ইয়াৰ পিছতেই চিকিৎসক, নাৰ্চৰ ভুল চিকিৎসাৰ অভিযোগ তুলি যোৰহাট মেডিকেল কলেজ হস্পিটেলত আয়ুশ্ৰীৰ পৰিয়াল আৰু আত্মীয়ই সৃষ্টি কৰে এক উতপ্ত পৰিস্থিতিৰ। এবছৰীয়া কন্যাক হাততে হেৰুৱাই কান্দি কান্দি ব্যাকুল হৈ পৰিল পৰিয়ালৰ লগতে আত্মীয়। কণমানি জনি হেৰুৱাৰ পিছত হৃদয় দগ্ধ হোৱা কোনো আত্মীয়ই খ্ৰুভি ত হৈ আই চি এওঁৰ ক্ষতি সাধন কৰিলে। এই সমগ্ৰ ঘটনাৰ পিছত যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ অধীক্ষক মানৱ গোহাঁইয়ে বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰিবলৈ এখন তদন্ত কমিটি গঠন কৰি দিয়াৰ লগতে মেডিকেলৰ ক্ষতি সাধন কৰাত সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। ইফালে আজি জিলা আয়ুক্ত পুলক মহন্ত কণমানি জনীৰ ঘৰত উপস্থিত হৈ শোক শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। লগতে তেওঁ কয় যে সমগ্ৰ ঘটনাৰ তদন্ত কালিৰ পৰাই আৰম্ভ হৈছে। চিকিৎসাৰ গাফিলটি আছিল নেকি আৰু মেডিকেলৰ দৰ্জাৰ গ্লাছ আদি ভঙা বিষয়বোৰো চোৱা হব বুলিও কয়।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like