নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে অ’ এন জি চি বসন্ত উৎসৱৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১১ মে’ : দেশৰ আগশাৰীৰ মহাৰত্ন তৈল প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ উদ্যোগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ কৰ্মচাৰী-বিষয়াৰ মিলন ভূমি অ’ এন জি চি আৱাসিক চৌহদ, শিৱসাগৰত আয়োজিত ‘দ্বাবিংশতিতম বসন্ত উৎসৱ-২০২৪’ৰ আজি শুভাৰম্ভ কৰা হয়। পুৱা ৮ বজাত নিগমৰ পতাকা আৰু বিহুৱান উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ক্ৰমে অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ তিৱাৰী আৰু উদযাপন সমিতিৰ সভাপতি পৱন কুমাৰ জালুথাৰিয়াই । ইয়াৰ পাছতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে শোভাযাত্ৰা উপ-সমিতিৰ সম্পাদক পাৰ্থপ্ৰতিম বৰাৰ সুন্দৰ পৰিকল্পনা আৰু পৰিচালনাত সম্পন্ন হোৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই অংশগ্ৰহণ কৰাৰ লগতে জাজী মৰাণ চিগা মৃদংগীয়া দল, ধনচেং হুঁচৰি দল, চেগুন চাৰিআলি, পাটসাঁকো তাই সংস্কৃতি লাইলুং খাম নৃত্য, সদৌ অসম কোচ ৰাজবংশী মহিলা সন্মিলনী (শিৱসাগৰ জিলা), পালেঙী মেচ কৃষ্টি দল, দিচাং মুখ চৰাইপৰা মিলনজ্যোতি সাংস্কৃতিক দল, দিচাং মুখ গোৰ্খা মহিলা সাংস্কৃতিক দল, কটিয়ৰী ৰজাবাৰী দেউৰী কৃষ্টি দল, সোণাপুৰ বকতাৰ সোণোৱাল কছাৰী লেছেৰী দল, ডিমৌ দেউৰী টিং চাহ বাগিচাৰ নন্দিনী ঝুমুৰ দল, সদৌ অসম ভোজপুৰী পৰিষদ-শিৱসাগৰ জিলা, শিৱসাগৰৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চ, সিংহদ্বাৰ মণিপুৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাঁহচৰা নগা সমাজ, শিৱসাগৰৰ মটক জনগোষ্ঠী গছ তলৰ বিহু, চুতীয়া জনগোষ্ঠীয় সাজপাৰত মহিলা, শিৱসাগৰ অ’ এন জি চি কলনী বড়ো সমাজ, কেন্দ্ৰীয় বিদ্যালয় শিৱসাগৰ সাংস্কৃতিক দল, নামঘৰ হুঁচৰি দল, নামতি সপ্তশিখা হুঁচৰি দল টেক্সি মঠাদাং দিখৌপৰিয়া হুঁচৰি দল, অ’ এন জি চি ৱৰ্কাৰ্চ মহিলা সমিতি, শিৱসাগৰ জেং বিহু দল, সন্মিলিত বোৱাৰী জেং বিহু দল কোঁৱৰপু, বাকচু পাইপ লাইন জেং বিহু দল, পূবালী মহিলা সমিতি নাজিৰা, অসমীয়া চহা জীৱনৰ চানেকি, পূবালী মহিলা চৰা শিৱসাগৰ, অ’ এন জি চি ৱৰ্কাৰ্চ মহিলা সমিতি, নাজিৰা, বাকচু কোচ গাঁৱৰ কপৌফুল সাংস্কৃতিক দল, বলীয়াঘাট শংকৰ-আজান জিকিৰ-জাৰীৰ দল, অসমীয়াৰ স্বাভিমান গামোচা আৰু তাঁতশাল প্ৰদৰ্শন, সুৰ সমলয় সাংস্কৃতিক কেন্দ্ৰ, দিজেন গগৈৰ লোকবাদ্য, অসমৰ বিভিন্ন শিল্প-কলা, গায়ন-বায়ন, হস্তী আদি প্ৰদৰ্শন কৰা হয়। শোভাযাত্ৰাৰ পাছতে পৰম্পৰাগত ৰীতিৰে উদযাপন সমিতিৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকলৰ মাজত কণীযুঁজ কৰা হয়। ইয়াৰ পাছতে সদৌ অসম ভিত্তিত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত সপ্তৰথী গাভৰু জেং বিহু দল, শিৱসাগৰ প্ৰথম, বৰহমথুৰি গাভৰু জেং বিহু দল, তিনিচুকীয়া দ্বিতীয়, দৰিকাপৰীয়া নিমাইজান জেং বিহু দল তৃতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত হয়। কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংস্কৃতিক সন্ধিয়া বিভিন্ন স্থানীয় সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীতেৰে সামৰণি পৰে। দ্বিতীয় দিনা অনুষ্ঠিত হ’ব লগা হুঁচৰি-বিহু আৰু বিহুৱতী প্ৰতিযোগিতা আৰু শেষৰ দিনা অসম গৌৰৱ ৰঞ্জিত গগৈৰ সাংস্কৃতিক অনুষ্ঠানৰ উপৰি জনপ্ৰিয় যুৱ কণ্ঠশিল্পী নীলোৎপল বৰাৰ গীতৰ শৰাই মুখ্য আকৰ্ষণ হিচাপে থাকিব। উল্লেখযোগ্য যে এইবাৰৰ পৰা সৰ্বশ্ৰেষ্ঠ বহুৱতীগৰাকীক ”অ’ এন জি চি বসন্ত ৰাণী” সন্মান প্ৰদান কৰা হ’ব। আগন্তুক দুয়োটা দিনৰ সমূহ কাৰ্যসূচী উপভোগ কৰিবলৈ বিহুপ্ৰেমী ৰাইজৰ প্ৰতি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱাই আহ্বান জনাইছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like