নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি ৰে’লৱে ষ্টেচনত অ’এনজিচিৰ স্বচ্ছতা পষেক কাৰ্য্যসূচী

বিশেষ বাৰ্তা, ৪ জুলাইঃ ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ মৰ্মে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড চমুকৈ অ’ এন জি চি এলৰ উদ্যোগত মৰিয়নি ৰে’লৱে ষ্টেচনত আজি ‘স্বচ্ছতা পষেক’ৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে। অ’ এন জি চি এলৰ আসাম এণ্ড আসাম আৰাকান বেচিন আৰু আসাম এছেটৰ উদ্যোগত ১ জুলাইৰ পৰা ১৫ জুলাইলৈ পষেক জোৰা কাৰ্য্যসূচীৰে এই ‘স্বচ্ছতা পষেক’ৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি থকা হৈছে। তাৰেই এক অংশ হিচাপে আজি মৰিয়নি ৰে’লৱে ষ্টেচনত স্বচ্ছতাৰ লগতে প্লাষ্টিক বৰ্জনৰ সম্পৰ্কে সজাগতা অভিযান, চাফাই অভিযানৰ লগতে তিনি শতাধিক লোকৰ মাজত সামগ্ৰী বিতৰণ কৰা হয়। পুৱা ৰে’লৱে ষ্টেচনৰ প্লেটফ’ৰ্মত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই অভিযান মুকলি কৰে। এই অভিযান আৰম্ভ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ লৈ কয়- দেশৰ এজন প্ৰধানমন্ত্ৰীৰ এনে আহ্বান নিতান্তই শলাগিবলগীয়া । দেশৰ আহি থকা লাখ লাখ – কোটি কোটি নতুন প্ৰজন্মৰ লোকৰ মাজত স্বচ্ছতাৰ সম্পৰ্কে এক বাৰ্তা এৰি যাব পৰাটো নিশ্চয় গুৰুত্বপূৰ্ণ কথা। এখন পৰিষ্কাৰ দেশ, স্বচ্ছতাৰ দেশৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে কৰা আৰম্ভণি সদায় মনত ৰাখিব বুলি মন্তব্য কৰি কয়- স্বচ্ছতাৰ সম্পৰ্কে এতিয়াও অধিক সজাগতা অনাৰ প্ৰয়োজন আছে। আমি মন্দিৰ আদি চাফা কৰি ৰখাৰ দৰে দেশখনকো পৰিষ্কাৰ-চাফা কৰিব লাখিব পাৰিব লাগিব বুলি মন্তব্য কৰি কয়- নতুন প্ৰজন্মক এটা সঠিক বাট দেখুৱাই যাব লাগিব। আৰম্ভণিতে অ’ এন জি চি এলৰ তৰফৰ পৰা বিধায়ক কুৰ্মীৰ লগতে মৰিয়নিৰ ৰে’লৱে ষ্টেচনৰ ষ্টেচন প্ৰৱন্ধক অনুপম গগৈক এটা গছপুলি, গামোচা, মৰাপাটেৰে তৈয়াৰ কৰা মোনা, ষ্টীলৰ পানী খোৱা বটল আদিৰে আদৰণি জনোৱা হয়। অ’ এন জি চি এলৰ তৰফৰ পৰা আগবঢ়োৱা এটা চেল্ফি ষ্টেণ্ড মুকলি কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইয়াৰ পিছতেই ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্মৰ ভিতৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মাজত বাঁহ-বেতেৰে তৈয়াৰী ডাষ্টবিন বিতৰণ কৰা হয়। অ’ এন জি চি এলৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰা এই ‘স্বছতা পষেক’ কাৰ্য্যসূচীত প্লাষ্টিকৰ বস্তু বৰ্জন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনোৱা লগতে ৰাইজৰ মাজত সজাগতা অনাৰো প্ৰয়াস কৰা হয়। প্লাষ্টিকৰ পানী বটলৰ ব্যৱহাৰৰ পৰিৱৰ্তে ষ্টীলৰ পানী খোৱা বটলৰ ব্যৱহাৰ কৰা, প্লাষ্টিকৰ কেৰী বেগৰ সলনি মৰাপাট আদিৰে তৈয়াৰ কৰা মোনা, থৈলা আদি ব্যৱহাৰ কৰিবৰ বাবে তেওঁলোকে ৰাইজৰ প্ৰতি আহ্বান জনায় । অ’ এন জি চি এলৰ তৰফৰ পৰা প্ৰায় তিনি শতাধিক লোকৰ মাজত মৰাপাটৰ দ্বাৰা তৈয়াৰী মোনা, ষ্টীলৰ পানী খোৱা বটল আদি বিনামূলীয়াকৈ বিতৰণ কৰা হয় । আনহাতে, অ’ এন জি চি এলৰ শতাধিক বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা এই অভিযানত তেওঁলোকে ৰে’লৱে ষ্টেচন, প্লেটফ’ৰ্ম আদিত চাফাই অভিযান চলায় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like